এতিয়া দেশত ল’ক ডাউন। ক’ৰোণা ভাইৰাছ প্ৰতিৰোধ কৰিবলৈ সকলোকে ঘৰত থাকিবলৈ আহ্বান জনাইছে কেন্দ্ৰীয় চৰকাৰে। কিন্তু ল’ক ডাউনৰ ফলত এতিয়া যথেষ্ট ক্ষতিৰ সন্মুখীন হৈছে ছাত্ৰ–ছাত্ৰীসকল। শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ পিছতে এনেদৰে হঠাৎ ২১ দিন ল’ক ডাউন হোৱাত বিশেষকৈ সমস্যাত পৰিছে দশম শ্ৰেণীৰ ছাত্ৰ–ছাত্ৰীসকল।
দশম শ্ৰেণীৰ ছাত্ৰ–ছাত্ৰীসকলৰ বাবে এতিয়া বিশেষ ব্যৱস্থা কৰিছে অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাই। ছেবাই ‘SIQES EDUAID LLP’ৰ সহযোগত Youtubeৰ জৰিয়তে দশম শ্ৰেণীৰ ছাত্ৰ–ছাত্ৰীসকলৰ বাবে ইংৰাজী, অসমীয়া আৰু বড়ো ভাষাত মাৰ্চ আৰু এপ্ৰিল মাহৰ পাঠ্যক্ৰমৰ ব্যৱস্থা কৰিছে।
![]()
প্ৰতি সোমবাৰৰ পৰা শনিবাৰলৈকে বিয়লি ৫ বজাৰ পৰা বজালৈকে EDUAIDৰ Youtube চেনেলৰ জৰিয়তে দশম শ্ৰেণীৰ ছাত্ৰ–ছাত্ৰীসকলে নিজৰ পাঠ গ্ৰহণ কৰিব পাৰিব।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|