உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ONGCৰ ৩ বিষয়াক অপহৰণ! চৰ্তসাপেক্ষে মধ্যস্থতা কৰিবলৈ সাজু কৌশিক ফুকন

    ONGCৰ ৩ বিষয়াক অপহৰণ! চৰ্তসাপেক্ষে মধ্যস্থতা কৰিবলৈ সাজু কৌশিক ফুকন

    বুধবাৰৰ পুৱতি নিশা চৰাইদেউ জিলাৰ পৰা অপহৰণ কৰা ONGCৰ তিনি বিষয়াৰ মুক্তিৰ ক্ষেত্ৰত মধ্যস্থতা কৰিবলৈ সাজু হৈছে কৌশিক ফুকন ৷

    বুধবাৰৰ পুৱতি নিশা চৰাইদেউ জিলাৰ পৰা অপহৰণ কৰা ONGCৰ তিনি বিষয়াৰ মুক্তিৰ ক্ষেত্ৰত মধ্যস্থতা কৰিবলৈ সাজু হৈছে কৌশিক ফুকন ৷

    বুধবাৰৰ পুৱতি নিশা চৰাইদেউ জিলাৰ পৰা অপহৰণ কৰা ONGCৰ তিনি বিষয়াৰ মুক্তিৰ ক্ষেত্ৰত মধ্যস্থতা কৰিবলৈ সাজু হৈছে কৌশিক ফুকন ৷

    • Share this:
    বুধবাৰৰ পুৱতি নিশা চৰাইদেউ জিলাৰ পৰা অপহৰণ কৰা ONGCৰ তিনি বিষয়াৰ মুক্তিৰ ক্ষেত্ৰত মধ্যস্থতা কৰিবলৈ সাজু হৈছে কৌশিক ফুকন ৷ কুইপ'ৰ দুই বিষয়া ৰাম কুমাৰ আৰু প্ৰণৱ কুমাৰ গগৈৰ মুক্তিৰ ক্ষেত্ৰত কৌশিক ফুকনে আলফা স্বাধীন আৰু কুইপ'ৰ মধ্যস্থতাকাৰী হিচাপে কাম কৰিছিল ৷ ফুকনৰ মধ্যস্থতাত অৱশেষত কুইপ'ৰ দুই বিষয়াক মুক্তি দিছিল আলফা স্বাধীনে ৷

    কুইপ’ৰ দুই কৰ্মচাৰীৰ পিছত এইবাৰ ONGCৰ ৩ জনকৈ বিষয়াক বুধবাৰৰ পুৱতি নিশা অপহৰণ কৰে সন্দেহযুক্ত আলফা স্বাধীন আৰু য়ুং আং নেতৃত্বাধীন NSCN-Kএ । পুৱতি নিশা প্ৰায় ৩ বজাত লাকুৱা জিজিএছ -8, চৰাইদেউ জিলাৰ পৰা ONGCৰ (তেল আৰু প্ৰাকৃতিক গেছ লিমিটেড) তিনিজন কৰ্মচাৰীক কেইবাজনীয়া বন্দুকধাৰীয়ে অপহৰণ কৰিছিল। এই অপহৰণৰ আঁৰত আলফা (স্বাধীন) আৰু NSCN(K) জড়িত থকাৰ সন্দেহ কৰা হৈছে।

    অৱশ্যে এই পৰ্যন্ত আলফা স্বাধীন আৰু NSCN(K)এ দায়িত্ব স্বীকাৰ কৰা নাই ৷
    ONGCৰ অপহৃত বিষয়া কেইজন ক্ৰমে হ'ল- (ক) ৰিতুল গোস্বামী (টেকনিচিয়ান), আৰ/অ' বৰহোলা, জিলা গোলাঘাট, (খ) অলকেশ শইকীয়া (জুনিয়ৰ টেকনিচিয়ান) জিলা যোৰহাট আৰু (গ) মোহিনী মোহন গগৈ (জুনিয়ৰ টেকনিচিয়ান) আৰ/অ' ডেমো, নিতাই পুখুৰী, জিলা-  শিৱসাগৰ।

    এই অপহৃত তিনি বিষয়াৰ মুক্তিৰ বাবে মধ্যস্থতাকাৰী হিচাপে কাম কৰিবলৈ সাজু বুলি সদৰি কৰিছে কৌশিক ফুকনে ৷ অৱশ্যে এই ক্ষেত্ৰত অপহৃত বিষয়া তিনিজনৰ পৰিয়াল আৰু চৰকাৰে বিচাৰিলেহে কৌশিক ফুকনে মধ্যস্থতা কৰিব বুলি জনাই News18ক ৷
    ইপিনে অপহৃত বিষয়াকেইজনৰ পৰিয়ালে অপহৃত কেইজনক শীঘ্ৰে মুকলি কৰি দিবলৈ আহ্বান জনাইছে অপহৰণকাৰীক ৷ লগতে কৌশিক ফুকনক মধ্যস্থতা কৰিবলৈও আহ্বান জনাইছে ৷
    Published by:Himangshu Bhuyan
    First published: