உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • যোৰহাটত অ’এনজিচিৰ তেল চুৰিৰ ভয়ংকৰ কাণ্ড, তেল চুৰি চক্ৰৰ সৈতে জড়িত আছে কোন?

    যোৰহাটত অ’এনজিচিৰ তেল চুৰিৰ ভয়ংকৰ কাণ্ড, তেল চুৰি চক্ৰৰ সৈতে জড়িত আছে কোন?

    বৰহোলাত ইয়াৰ পূৰ্বে পাইপলাইনৰ পৰা তেল চুৰিৰ অনুৰূপ কৌশল ফাদিল হোৱাৰ পিছত এইবাৰ যোৰহাট চিনামৰাৰ চৰ্দাৰ আলিৰ সমীপত ফাদিল হৈছে অ’এনজিচিৰ তেল পৰিবাহী পাইপলাইনত সংঘটিত তেলচুৰি কাণ্ডৰ ভয়ংকৰ তথ্য।

    বৰহোলাত ইয়াৰ পূৰ্বে পাইপলাইনৰ পৰা তেল চুৰিৰ অনুৰূপ কৌশল ফাদিল হোৱাৰ পিছত এইবাৰ যোৰহাট চিনামৰাৰ চৰ্দাৰ আলিৰ সমীপত ফাদিল হৈছে অ’এনজিচিৰ তেল পৰিবাহী পাইপলাইনত সংঘটিত তেলচুৰি কাণ্ডৰ ভয়ংকৰ তথ্য।

    বৰহোলাত ইয়াৰ পূৰ্বে পাইপলাইনৰ পৰা তেল চুৰিৰ অনুৰূপ কৌশল ফাদিল হোৱাৰ পিছত এইবাৰ যোৰহাট চিনামৰাৰ চৰ্দাৰ আলিৰ সমীপত ফাদিল হৈছে অ’এনজিচিৰ তেল পৰিবাহী পাইপলাইনত সংঘটিত তেলচুৰি কাণ্ডৰ ভয়ংকৰ তথ্য।

    • Share this:
    যোৰহাটত অ’এনজিচিৰ খাৰুৱা তেল চুৰিৰ এক বৃহৎ চক্ৰৰ তথ্য পুনৰ পোহৰলৈ আহিছে। বৰহোলাৰ পিছত এইবাৰ যোৰহাটৰ তিমতিমিয়াত খাৰুৱা তেল পৰিবাহী পাইপৰ পৰা তেল চুৰি কৰি অহাৰ তথ্য ফাদিল হৈছে শনিবাৰে অঞ্চলটোত সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডৰ পিছত। এই ঘটনা পোহৰলৈ অহাৰ পিছত বৰ্তমান অ’এনজিচিৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওপৰতো প্ৰশ্নৰ সৃষ্টি হৈছে। যোৰহাট আৰক্ষীয়ে ইতিমধ্যে এই তেল চুৰি চক্ৰৰ ওপৰত তদন্ত আৰম্ভ কৰিছে আৰু কেইবাগৰাকী লোকক আটক কৰি সোধাপোছা অব্যাহত ৰাখিছে।

    বৰহোলাত ইয়াৰ পূৰ্বে পাইপলাইনৰ পৰা তেল চুৰিৰ অনুৰূপ কৌশল ফাদিল হোৱাৰ পিছত এইবাৰ যোৰহাট চিনামৰাৰ চৰ্দাৰ আলিৰ সমীপত ফাদিল হৈছে অ’এনজিচিৰ তেল পৰিবাহী পাইপলাইনত সংঘটিত তেলচুৰি কাণ্ডৰ ভয়ংকৰ তথ্য। বৰহোলা স্থিত অএনজিচিৰ জিজিএছৰ পৰা যোৰহাটৰ চাৰিগাঁওস্থিত অইলৰ চিটিএফলৈ খাৰুৱা তেল পৰিবাহী পাইপলাইনত বিশেষ ভালভ বহুৱাই চিনামৰা আৰক্ষী চকীৰ অন্তৰ্গত উজনি তিমতিমিয়াৰ আহুতলি পথাৰত দুষ্টচক্ৰই তেল চুৰি কৰি আহিছিল। অগ্নিকাণ্ডৰ পিছত কৰা অনুসন্ধানত তেল পৰিবাহী পাইপলাইনত স্থাপন কৰা এটা বিশেষ ভালভ পোৱা গৈছে। তেলচোৰৰ দলে বহুৱাই লোৱা এই ভালভৰ জৰিয়তে আন এডাল পাইপেৰে কিছু নিলগলৈ উলিয়াই নিয়া হৈছিল খাৰুৱা তেল। আৰু এই খাৰুৱা তেলৰ পৰাই শনিবাৰে পুৱা অঞ্চলটোত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড।

    "আমি শনিবাৰে পাইপলাইনৰ এই অংশত এটা সৰু ফুটা কৰি বহুৱাই থোৱা ভালভ পাইছো। ভালভটো বহুৱাই থোৱা অংশটো কংক্ৰিটেৰে ধালাই কৰা আছিল আৰু ইয়াৰ পৰা অন্য এডাল পাইপ সংযোগ কৰি কিছু নিলগলৈ লৈ যোৱা অৱস্থাত পোৱা গৈছে।", উক্ত পাইপলাইন মেৰামতি কৰা এগৰাকী বিষয়াই এনেদৰে জানিবলৈ দিয়ে।

    শনিবাৰে পুৱা তৎপৰতাৰে জুই নিৰ্বাপন কৰাৰ পিছতে পোহৰলৈ আহে পথাৰৰ মাজত দুষ্টচক্ৰই তেল পৰিবাহী পাইপত ভালভ বহুৱাৰ এই তথ্য। কিন্তু এতিয়া প্ৰশ্ন উঠিছে যে অ’এনজিচিৰ কন্ট্ৰ’ল ৰুমৰ বিষয়াসকলৰ দৃষ্টিগোচৰ নোহোৱাকৈ অতি উচ্চ চাপত খাৰুৱা তেল পৰিবাহী পাইপৰ পৰা তেল চুৰি কৰাটো সম্ভৱনে! উন্নত প্ৰযুক্তি কৌশলেৰে এনে পাইপলাইনৰ জৰিয়তে তেল পৰিবহন ব্যৱস্থাটোৰ ওপৰত চকু ৰখা হয়। তদুপৰি ইয়াৰ বাবে আছে অ’এনজিচিৰ সুকীয়া নিৰাপত্তা ব্যৱস্থা। কিন্তু তাৰ পিছতো অ’এনজিচি কৰ্তৃপক্ষৰ অজ্ঞাতে চোৰৰ দলে খাৰুৱা তেল পৰিবাহী পাইপৰ পৰা তেল চুৰি কৰি নিয়াটো সম্ভৱনে! বৰ্তমান সেই প্ৰশ্নই জোকাৰি গৈছে সকলোকে। এই সকলো প্ৰশ্নৰ উত্তৰ পৰিস্কাৰ হ’ব যোৰহাট আৰক্ষীৰ তদন্তৰ পিছত। আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, এই ঘটনা সন্দৰ্ভত অ’এনজিচিৰ একাংশ বিষয়া , কৰ্মচাৰী তদন্তৰ আওতালৈ অহাটো নিশ্চিত। ইতিমধ্যে আৰক্ষীয়ে কেইবাগৰাকী লোকক আটক কৰি তদন্ত আৰম্ভ কৰিছে।
    Published by:Sanjay Kumar Das
    First published: