পুলৱামা কাণ্ডৰ শ্বহীদ মনেশ্বৰ বসুমতাৰীলৈ শ্ৰদ্ধাঞ্জলি, বাক্সাৰ তামুলপুৰত প্ৰতিমূৰ্তি উন্মোচন

News18 Assam | News18-Assam
Updated:February 14, 2020, 2:49 PM IST
পুলৱামা কাণ্ডৰ শ্বহীদ মনেশ্বৰ বসুমতাৰীলৈ শ্ৰদ্ধাঞ্জলি, বাক্সাৰ তামুলপুৰত প্ৰতিমূৰ্তি উন্মোচন
ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে উন্মোচন কৰে শ্বহীদগৰাকীৰ প্ৰতিমূৰ্তি।

ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে উন্মোচন কৰে শ্বহীদগৰাকীৰ প্ৰতিমূৰ্তি।

  • Share this:
২০১৯ চনৰ ১৪ ফেব্ৰুৱাৰীত কাশ্মীৰৰ পুলৱামাত পাকিস্তানী সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ হৈছিল চি আৰ পি এফৰ ৪০জন জোৱান। উক্ত শ্বহীদসকলৰ ভিতৰত আছিল অসম সন্তান মনেশ্বৰ বসুমতাৰীও। শ্বহীদ মনেশ্বৰ বসুমতাৰী ঘৰ বিটিএডিৰ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ কলবাৰীত।

দেশ কঁপাই যোৱা পুলৱামা কাণ্ডই আজি এটা বছৰ সম্পূৰ্ণ কৰিলে। শুকুৰবাৰে শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ স্মৃতিত কলবাৰীত বড়োসকলৰ ৰীতি–নীতি অনুসৰি পূজা–অৰ্চনা কৰাৰ লগতে উন্মোচন কৰা হয় শ্বহীদগৰাকীৰ প্ৰতিমূৰ্তি।

ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে উন্মোচন কৰে শ্বহীদগৰাকীৰ প্ৰতিমূৰ্তি। লগতে চি আৰ পি এফৰ জোৱানসকলে শ্বহীদগৰাকীলৈ জনালে গার্ড অফ অনাৰ। উক্ত কাৰ্যসূচীত চি আৰ পি এফৰ শ্বিলংস্থিত আই জি প্রকাশ ডিৰ উপৰি বিভিন্ন দল–সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।
First published: February 14, 2020, 2:49 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading