• Home
  • »
  • News
  • »
  • assam
  • »
  • চৰাইদেউত পিতৃ–মাতৃৰ সৈতে কোভিড–১৯ত আক্ৰান্ত এবছৰীয়া কণমানি

চৰাইদেউত পিতৃ–মাতৃৰ সৈতে কোভিড–১৯ত আক্ৰান্ত এবছৰীয়া কণমানি

চৰাইদেউ জিলা প্ৰশাসনৰ তৎপৰতাত নিশাই মাতৃ–পুত্ৰক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ এম্বুলেন্সেৰে প্ৰেৰণ কৰে।

চৰাইদেউ জিলা প্ৰশাসনৰ তৎপৰতাত নিশাই মাতৃ–পুত্ৰক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ এম্বুলেন্সেৰে প্ৰেৰণ কৰে।

চৰাইদেউ জিলা প্ৰশাসনৰ তৎপৰতাত নিশাই মাতৃ–পুত্ৰক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ এম্বুলেন্সেৰে প্ৰেৰণ কৰে।

  • Share this:
সৰ্বত্ৰে এতিয়া চলিছে সংহাৰী মহামাৰী কোভিড–১৯ৰ তাণ্ডৱ। দিশহাৰা হৈছে একবিংশ শতিকাৰ উন্নত বিজ্ঞান-প্ৰযুক্তিৰ ন ন গৱেষণা। অসমতো এই মহামাৰীয়ে ধাৰণ কৰিছে ভয়ংকৰ ৰূপ। এনে সময়তে চৰাইদেউৰ পৰা আহিছে এক উদ্বেগজনক খবৰ।

চৰাইদেউ বাহবাৰী গাঁৱৰ এটি এবছৰীয়া দেৱশিশু। পিতৃ–মাতৃৰ লগতে এই শিশুটিৰ দেহতো ধৰা পৰিছে কোভিড–১৯ পজিটিভ। দেশৰ এই সংকটৰ সময়ত কণমানি পুত্ৰৰ সৈতে হাৰিয়ানাৰ গুড়গাঁৱৰ পৰা বাছেৰে অসমৰ চৰাইদেউৰ সোণাৰিৰ বাহবাৰী গাঁৱৰ নিজা বাসগৃহলৈ ঘূৰি আহিছিল পিতৃ–মাতৃ। কিন্তু দুৰ্ভাগ্যই যেন পিছে পিছে খেদি আহিল তিনিজনীয়া পৰিয়ালটোৰ।

পাঁচদিন পূৰ্বে কোভিড–১৯ পজিটিভ বুলি চিনাক্ত হোৱা কণমানিটিৰ পিতৃক চৰাইদেউ জিলা প্ৰশাসনে সোণাৰিৰ পৰা উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰাৰ পিছতে প্ৰশাসনে মাতৃ আৰু শিশুটিক মহামাৰী কোৰোণাৰ পৰা নিৰাপদে ৰখাৰ বাবেই ক্ষিপ্ৰতাৰে যাৱতীয় পদক্ষেপ হাতত লৈ চৰাইদেউৰ সাপেখাতীস্থিত আদৰ্শ চিকিৎসালয়ত কোৱাৰেণ্টাইন কৰিছিল।

কোৱাৰেণ্টাইন চেণ্টাৰত থকা অৱস্থাতে মাতৃৰ লগতে এবছৰীয়া শিশুটিৰ দেহত ধৰা পৰিল কোভিড–১৯ পজিটিভ। চৰাইদেউ জিলা প্ৰশাসনৰ তৎপৰতাত নিশাই মাতৃ–পুত্ৰক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ এম্বুলেন্সেৰে প্ৰেৰণ কৰে। সকলোৱে আশা কৰিছে সোনকালে আৰোগ্য হৈ উভতি আহক কণমানিটিৰ লগতে পৰিয়ালটো। ছচিয়েল মিডিয়াতো বহুজনে দেৱশিশুটিৰ লগতে পৰিয়ালটোৰ আৰোগ্য কামনা কৰিছে।
First published: