ক’ত হেৰাই গ’ল পৰেশ বৰুৱাৰ বিশ্বস্ত ৰেৱতী ফুকন?

গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ পৰাই নিখোজ প্ৰখ্যাত ফুটবলাৰ তথা আলফা–চৰকাৰৰ আলোচনাৰ মধ্যস্থতাকাৰী ৰেৱতী ফুকনক লৈ অব্যাহত ৰহস্য

news18assam
Updated:April 22, 2019, 4:40 PM IST
ক’ত হেৰাই গ’ল পৰেশ বৰুৱাৰ বিশ্বস্ত ৰেৱতী ফুকন?
গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ পৰাই নিখোজ প্ৰখ্যাত ফুটবলাৰ তথা আলফা–চৰকাৰৰ আলোচনাৰ মধ্যস্থতাকাৰী ৰেৱতী ফুকনক লৈ অব্যাহত ৰহস্য
news18assam
Updated: April 22, 2019, 4:40 PM IST
বিজু কুমাৰ ডেকা : ২২ এপ্ৰিল, ২০১৮ ৷ প্ৰাতঃভ্ৰমণৰ বাবে ওলাই গৈছিল তেওঁ ৷ সাধাৰণ পোছাকত ওলাই যোৱা মানুহজনে খোজকাঢ়ি গৈছিল ৷ লগত নাছিল ম'বাইল অথবা কোনো নথিপত্ৰ ৷ সেই যে ওলাই গৈছিল, তেওঁ আৰু উভতি নাহিল ৷ ক'লৈ গ'ল তেওঁ?

আজি ২২ এপ্ৰিল ৷ ২০১৯ ৷ মানুহজন নিখোজ হোৱাৰ এবছৰ হ'ল ৷

ৰেৱতী ফুকন ৷ পৰেশ বৰুৱাৰ অতি ঘনিষ্ঠ, বিশ্বস্ত ৰেৱতী ফুকন ৷ আলফা-চৰকাৰৰ আলোচনা পথ প্ৰশস্তকাৰী ৰেৱতী ফুকন ৷ একাধিকবাৰ পৰেশ বৰুৱাক আলোচনাৰ মেজলৈ আনিবলৈ চেষ্ঠা কৰা ৰেৱতী ফুকন ৷ সেইজন ৰেৱতী ফুকনেই আজি এবছৰ ধৰি নিখোজ ৷

ভাৰত চৰকাৰৰ একাধিক চোৰাংচোৱা সংস্থাৰে সু-সম্পৰ্ক ৰক্ষা কৰি নিষিদ্ধ ঘোষিত সংগঠন আলফাক ৰেৱতী ফুকনে আনিব বিচাৰিছিল আলোচনালৈ ৷ ইয়াৰ বাবে অতি গোপনে কিমানবাৰ কিমান গোপন স্থানলৈ তেওঁ গৈছিল? তাৰ সঠিক হিচাপ তেওঁৰ বাহিৰে কাৰো হাতত নাই ৷



বিগত এবছৰত ৰেৱতী ফুকনক বিচাৰি তেওঁৰ পুত্ৰ কৌশিক ফুকনে কৰা নাই কি? কিন্ত এবছৰৰ পিছতো আজি অসহায় কৌশিক ফুকন আৰু তেওঁৰ পৰিয়াল ৷ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত পিতৃৰ সন্ধানত Habeas -Corpus গোচৰ ৰুজু কৰিছিল ৷ এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে অসম চৰকাৰ, অসম আৰক্ষী, দেশৰ গৃহ বিভাগ, চোৰাংচোৱা সংস্থাসমূহৰ পৰা উত্তৰ বিচাৰিছিল ৷ শপতনামা আকাৰে আটাইকেইটা বিভাগে সৰ্বোচ্চ ন্যায়ালয়ত দাখিল কৰিছিল তথ্য ৷

কিন্তু শপতনামাত কি জনাইছিল সংশ্লিষ্ট বিভাগসমূহে? কোনো এটা সংস্থা বা বিভাগেই ৰেৱতী ফুকনৰ সংক্ৰান্তত অজ্ঞ ৷ কোনেও নিজৰ কব্জাত ফুকনক ৰখা নাই বা সেই সন্দৰ্ভত তথ্য নাই বুলি সৰ্বোচ্চ ন্যায়ালয়ক জনাইছিল ৷

কাৰো হাতত ৰেৱতী ফুকন সন্দৰ্ভত তথ্য নাই ৷ তেন্তে ক'লৈ গ'ল ৰেৱতী ফুকন? তাতে আকৌ গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ পৰা ৷ দিনৰ পোহৰতে নোহোৱা হৈ গ'ল ৰেৱতী !

গুৱাহাটী মহানগৰ আৰক্ষীয়ে তদন্ত কৰিলে ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে তদন্ত ঘোষণা কৰিলে ৷ গঠন কৰ হ'ল স্পেচিয়েল ইনভেষ্টিগেশ্যন টীম (SIT) ৷ কিন্তু আজি এবছৰৰ পিছতো সন্ধান নোলাল ৰেৱতী ফুকনৰ ৷

মধ্যস্থতাকাৰী ৰূপত ৰেৱতী ফুকন আৰু কেতবোৰ নথি

৫ ডিচেম্বৰ, ১৯৯১ ৷ এখন পত্ৰ লিখিছিল তদানীন্তন মুখ্যমন্ত্ৰী হীতেশ্বৰ শইকীয়াই ৷ এই পত্ৰৰ জৰিয়তে শইকীয়াই ৰেৱতী ফুকনক নিয়োগ কৰিছিল আলফা-চৰকাৰৰ মধ্যস্থতাকাৰী হিচাপে ৷ পত্ৰত মুখ্যমন্ত্ৰী হিচাপে লিখিছিল, "Shri Niranjan Ghose, Joint Secretary to Government of Assam, Finance Department has been entrusted with the job of liasion with Shri R. K. Phukan, mediator engaged by ULFA for negotiations in the interest of public services".



হীতেশ্বৰ শইকীয়াই ৰেৱতী ফুকনৰ সৈতে ৰাজ্য চৰকাৰৰ বিত্ত বিভাগৰ সেই সময়ৰ যুটীয়া সচিব নিৰঞ্জন ঘোষক সংলগ্ন কৰিছিল ৷ আলফা-চৰকাৰৰ আলোচনাৰ সঠিক যোগাযোগৰ বাবে ৷ ইয়াৰ পূৰ্বে এক পত্ৰ জাৰি কৰিছিল নিষিদ্ধ ঘোষিত আলফাই ৷ ১৯৯১ৰ ১৯ অক্টোবৰত জাৰি কৰা পত্ৰখনত স্বাক্ষৰ কৰিছিল সংগঠনটোৰ উপ–সভাপতি ইউ কে গগৈ ওৰফে প্ৰদীপ গগৈয়ে ৷ "ক্ষমতা প্ৰদান পত্ৰ'' নামেৰে জাৰি কৰা পত্ৰত লিখা হৈছিল : "এই পত্ৰযোগে শ্ৰী ৰেৱতী ফুকনক সংযুক্ত মুক্তি বাহিনী, অসম আৰু অসম চৰকাৰৰ মাজত বন্দী বিনিময় সম্পৰ্কীয় সমস্যা সমাধানৰ বাবে সংগঠনৰ তৰফৰ পৰা মধ্যস্থতাকাৰীৰূপে নিযুক্তি দিয়া হৈছে ৷ এই পত্ৰ পোৱাৰ পৰাই কেন্দ্ৰীয় কাৰ্যকাৰী পৰিষদৰ পৰা আনুষ্ঠানিকভাৱে কাৰ্যকাৰী ক্ষমতা প্ৰদান কৰা হ'ল"৷

প্ৰধানমন্ত্ৰীলৈ আলফাৰ পত্ৰ



আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱাই প্ৰধানমন্ত্ৰী লৈ এখন পত্ৰ লিখিছিল ৷ ১৯৯২ৰ পহিলা জানুৱাৰীত লিখা পত্ৰখন সেই সময়ৰ প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাওক উদ্দেশ্যি লিখিছিল আলফাৰ সভাপতিয়ে ৷ যি পত্ৰৰ বাহক আছিল আজিৰ দিনত নিখোজ ৰেৱতী ফুকনে ৷ সাধাৰণ সম্পাদক অনুপ চেতিয়া, সিদ্ধাৰ্থ ফুকন, কমল বৰা, মণি বৰা আৰু ৰবীন নেওগক আলফাৰ তৰফৰ পৰা গোপন আলোচনাৰ বাবে সদস্য মনোনীত কৰাৰ কথা উল্লেখ পত্ৰখন প্ৰধানমন্ত্ৰীলৈ লিখিছিল সভাপতি ৰাজখোৱাই ৷

আলফাৰ মধ্যস্থতাকাৰী



১৯৯১ৰ ৪ ডিচেম্বৰত আলফাৰ উপ–সভাপতি ইউ কে গগৈয়ে জাৰি কৰিছিল এখন পত্ৰ ৷ য'ত লিখা হৈছিল: "The Central Executive Council of United Liberation Front of Assam (ULFA) unanimously decided to appoint Shri Rebati Phokan as the sole mediator of ULFA to mediate for holding talks with Government of Assam and Government of India".

ক'লৈ গ'ল ৰেৱতী?

ৰহস্যজনক ভাৱে গুৱাহাটীৰ মাজমজিয়াৰ পৰা নিখোজ হোৱা ৰেৱতী ফুকন ক'লৈ গ'ল? তথ্য নাই কাৰোৰে হাতত ৷ প্ৰথমে সন্দেহৰ আঙুলি উত্থাপন কৰিছিল পৰেশ বৰুৱাই ৷ আলফা স্বাধীনৰ মুখ্য সেনা প্ৰধান পৰেশ বৰুৱাই "আলোচনা বিৰোধী" চক্ৰই এসময়ৰ প্ৰথিতযশা ফুটবল খেলুৱৈ তথা আলোচনাৰ সন্মানজনক সমাধান বিচৰা ৰেৱতী ফুকনক অপহৰণ কৰিছিল বুলি দাবী কৰিছিল ৷



অভিযোগ উঠিছিল আলোচনাৰ মেজত থকা অৰবিন্দ ৰাজখোৱাৰ গোট জড়িত বুলি ৷ এই সংক্ৰান্তত অৰবিন্দ ৰাজখোৱা গোটে কোনো কাৰণত এই ঘটনাত জড়িত নহয় বুলি স্পষ্ট কৰি দিছিল ৷ লগতে সভাপতি ৰাজখোৱা আৰু সাধাৰণ সম্পাদক অনুপ চেতিয়াই শীঘ্ৰে ৰেৱতী ফুকনৰ সন্ধান উলিয়াবলৈ চৰকাৰক দাবী জনাইছিল ৷ স্মৰ্তব্য যে পৰেশ বৰুৱাই নিজে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈ টেলিফোন কৰি ফুকনৰ সন্ধান উলিয়াবলৈ আহ্বান কৰাৰ কথা NEWS18ক জনাইছিল পৰেশ বৰুৱাই ৷ একাংশই দাবী কৰে অপহৰণ কৰি নি এটা চক্ৰই হত্যা কৰিলে ৰেৱতী ফুকনক ৷ একাংশই দাবী কৰে, আলফা স্বাধীনৰ শিবিৰলৈ গ'ল ৰেৱতী ৷ পৰেশ বৰুৱাই কৌশলী স্থিতি লৈ ৰেৱতী ফুকনক সংগঠনলৈ লৈ যোৱাৰ কথাও একাংশই দাবী কৰে ৷ পিছে কাৰো হাতত সঠিক তথ্য নাই ৷ ক'লৈ গ'ল ৰেৱতী ?
আৰু চাওক পৰৱৰ্তী বাতৰি