মুখ্যপৃষ্ঠা »খবৰ »অসম »দেশ কঁপাই যোৱা অভি–নীল হত্যাকাণ্ডৰ এবছৰ, ন্যায়ৰ অপেক্ষাত দুৰ্ভগীয়া পিতৃ–মাতৃ

দেশ কঁপাই যোৱা অভি–নীল হত্যাকাণ্ডৰ এবছৰ, ন্যায়ৰ অপেক্ষাত দুৰ্ভগীয়া পিতৃ–মাতৃ

আজিও প্ৰতিজন অসমীয়াৰ বুকুৱে হাহাকাৰ কৰি উঠে সেই বৰ্বৰতাৰ কাহিনী মনত পৰিলে। এজাক নৰপিশাচৰ হাতত জীৱন দিবলগীয়া হৈছিল দুই সুঠাম যুৱকে।

আজিও প্ৰতিজন অসমীয়াৰ বুকুৱে হাহাকাৰ কৰি উঠে সেই বৰ্বৰতাৰ কাহিনী মনত পৰিলে। এজাক নৰপিশাচৰ হাতত জীৱন দিবলগীয়া হৈছিল দুই সুঠাম যুৱকে।

  • Share this:
    সেয়া আছিল অসমৰ এক ক’লা অধ্যায়। অসমৰ লগতে সমগ্ৰ বিশ্বক জোকাৰি গৈছিল এই জঘন্য বৰ্বৰতাৰ ঘটনাই। আজিও প্ৰতিজন অসমীয়াৰ বুকুৱে হাহাকাৰ কৰি উঠে সেই বৰ্বৰতাৰ কাহিনী মনত পৰিলে। এজাক নৰপিশাচৰ হাতত জীৱন দিবলগীয়া হৈছিল দুই সুঠাম যুৱকে। হাতযোৰ কৰি প্ৰাণভিক্ষা খুজিও নৰপিশাচৰ দলটোৰ পৰা ৰক্ষা নাপালে। আজি অভি–নীলৰ বছৰেকীয়া শ্ৰাদ্ধ।

    এবছৰ পূৰ্বে ৮ জুনত কাৰ্বি আংলঙৰ ডকমকাত সংঘটিত হৈছিল মানৱ জাতিক লজ্জানত কৰা সেই জঘন্য হত্যাকাণ্ড। সেউজ কাৰ্বিভূমি ৰক্তাক্ত কৰি তুলিছিল এজাক অন্ধবিশ্বাসী নৰাধমে। গুৱাহাটীৰ পৰা কাৰ্বি পাহাৰৰ সেউজীয়াৰ মাজত ফুৰিবলৈ গৈছিল গুৱাহাটীৰ যুৱক অভিজিৎ নাথ আৰু নীলোৎপল দাস। কাংথিলাংছ’ৰ জলপ্ৰপাতৰ সৌন্দৰ্য উপভোগ কৰিবলৈ যোৱা অভিজিৎ আৰু নীলোৎপলক বাট আগচি ধৰিছিল এজাক নৰাধমে। অন্ধবিশ্বাসী নৰাধমৰ দলটোৱে সোপাধৰাৰ সন্দেহত আক্ৰমণ চলাইছিল দুই যুৱকৰ ওপৰত। নৰপিশাচৰ দলটোৰ নিৰ্মম আক্ৰমণ তেজেৰে লুতুৰি–পুটুৰি হোৱা অভি–নীলে বাৰে বাৰে হাতযোৰ কৰি প্ৰাণভিক্ষা মাগিছিল। বাৰে বাৰে পৰিচয় দিছিল অসমীয়া বুলি। কিন্তু কোনো কথাই ভ্ৰূক্ষেপ নকৰিলে উন্মাদ দলটোৱে। মাথোঁ দুয়োৰে ওপৰত চলাই গৈছিল আক্ৰমণ। শেষত উন্মাদ পিশাচৰ দলটোৰ হাতত চকু মুদিছিল নীলোৎপল আৰু অভিজিতে। এই সমগ্ৰ ঘটনা সৰ্বপ্ৰথমে NEWS18 অসম NORTH EASTত সম্প্ৰচাৰ হৈছিল। তাৰ পিছতে বিশ্বজুৰি বিয়পি পৰিছিল এই খবৰ।

    নীলোৎপল–অভিজিতৰ এই হত্যাকাণ্ডই জোকাৰি গৈছিল প্ৰতিজন অসমীয়াৰ লগতে সমগ্ৰ বিশ্বকে। উন্মাদ পিশাচৰ দলটোৰ বাবে বিশ্ববাসীৰ আগত লজ্জানত হৈছিল অসম। সমগ্ৰ বিশ্বই এই বৰ্বৰ ঘটনাক একেমুখে গৰিহণা দিছিল। হত্যাকাৰীক ফাঁচিৰ দাবী তুলিছিল সকলোৱে।

    এই হত্যাকাণ্ডৰে জড়িত ৪৫ জনক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল আৰক্ষীয়ে। নগাঁৱৰ সত্ৰ ন্যায়াধীশৰ আদালতত চলি আছে নীল–অভি হত্যাকাণ্ডৰ বিচাৰৰ প্ৰক্ৰিয়া। গুৱাহাটী উচ্চ ন্যায়ালয়ত ৪৫ অভিযুক্তৰ জামিন আবেদন বিচাৰাধীন হৈ আছে। ২১ জুনত পুনৰ আদালতে গ্ৰহণ কৰিব শুনানি।

    আজিও ন্যায়ৰ অপেক্ষাত আছে অভি–নীলৰ পিতৃ–মাতৃ। দুয়োখন ঘৰতে আজি আয়োজন কৰা হৈছে বছৰেকীয়া শ্ৰাদ্ধৰ। শতিকাৰ অন্যতম জঘন্য এই নীল–অভিজিৎ হত্যাকাণ্ডৰ বছৰেকীয়া শ্ৰাদ্ধ। বুকুত পুত্ৰশোকৰ বোজা লৈ দুয়োটা পৰিয়ালে বাট চাইছে অপৰাধীৰ কঠোৰ শাস্তি।

    শেহতীয়া বাতৰি