দেশ কঁপোৱা নীলোৎপল আৰু অভিজিৎৰ হত্যালীলাই আজি এটা বছৰ অতিক্ৰম কৰিলে

এবছৰ উকলিল, কিন্তু আজিও শাস্তি নহ'ল ডকমকাৰ নৰপিশাচৰ দলটোৰ।

news18assam
Updated:June 8, 2019, 8:03 AM IST
দেশ কঁপোৱা নীলোৎপল আৰু অভিজিৎৰ হত্যালীলাই আজি এটা বছৰ অতিক্ৰম কৰিলে
এবছৰ উকলিল, কিন্তু আজিও শাস্তি নহ'ল ডকমকাৰ নৰপিশাচৰ দলটোৰ।
news18assam
Updated: June 8, 2019, 8:03 AM IST
এটা বছৰ অতিক্ৰম কৰিলে দেশ কঁপোৱা নীলোৎপল দাস আৰু অভিজিৎ নাথৰ বৰ্বৰ হত্যালীলাই। ২০১৮ চনৰ আজিৰ দিনটোতে এদল পশুৰ জিঘাংসাৰ বলি হৈছিল দুৰ্ভগীয়া নীল আৰু অভি।  এবছৰ উকলিল, কিন্তু আজিও শাস্তি নহ'ল ডকমকাৰ নৰপিশাচৰ দলটোৰ। অশ্ৰুসিক্ত নয়নেৰে এবছৰে পুত্ৰ হত্যাৰ ন্যায়ৰ অপেক্ষাত নীল অভিৰ পিতৃ মাতৃ। ইফালে অহৰহ জামিন লাভৰ চেষ্টা চলাইছে জঘন্য পিশাচৰ দলটোৱে। উচ্চ ন্যায়ালয়ত অব্যাহত আছে অভিযুক্তৰ জামিনৰ শুনানি। তাৰ বিপৰীতে পুত্ৰ শোকত ম্ৰিয়মান পিতৃ মাতৃৰ কাতৰ আহ্বান হত্যাকাৰীক দিয়ক কঠোৰতম শাস্তি। নীল অভিৰ হতভগীয়া পিতৃ মাতৃৰ লগতে ৰাজ্যবাসী তথা সমগ্ৰ দেশবাসীয়ে বিচাৰিছে এই বৰ্বৰ হত্যালীলাৰ সুবিচাৰ। কাংথিলাংছ'৸ৰ সৌন্দৰ্য উপভোগ কৰিবলৈ যোৱা দুই প্ৰতিভাসম্পন্ন যুৱকক বৰ্বৰভাৱে হত্যা কৰা হত্যাকাৰীৰ কঠোৰ শাস্তি এতিয়া ন্যায়ৰ তুলাচনীত।
আৰু চাওক পৰৱৰ্তী বাতৰি