মুখ্যপৃষ্ঠা » খবৰ

» অসম

»নুমলীগড় শোধনাগাৰত অঘটন । ঠিকাদাৰৰ গাফিলতিৰ বাবে শ্ৰমিকৰ কৰুণ মৃত্যুৰ অভিযোগ।

নুমলীগড় শোধনাগাৰত অঘটন । ঠিকাদাৰৰ গাফিলতিৰ বাবে শ্ৰমিকৰ কৰুণ মৃত্যুৰ অভিযোগ।

News18 Assam | News18-Assam
Updated:June 12, 2021, 7:15 PM IST
নুমলীগড় শোধনাগাৰত অঘটন । ঠিকাদাৰৰ গাফিলতিৰ বাবে শ্ৰমিকৰ কৰুণ মৃত্যুৰ অভিযোগ।
শ্ৰমিকসকলৰ মতে, ঠিকাদাৰে যাৱতীয় হেলমেট , ছেফটিী জোতা আদি যোগান নধৰা বাবেই হৰেন গগৈৰ মৃত্যু হয়।

শ্ৰমিকসকলৰ মতে, ঠিকাদাৰে যাৱতীয় হেলমেট , ছেফটিী জোতা আদি যোগান নধৰা বাবেই হৰেন গগৈৰ মৃত্যু হয়।

  • Share this:
নুমলীগড় NRLত অঘটন । সুৰক্ষা কৱচ নথকাৰ বাবে নুমলীগড় শোধনাগাৰৰ এজন অস্থায়ী শ্ৰমিক দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু মুখত পৰে । মৃত শ্ৰমিকজনৰ নাম হৰেন গগৈ।  নুমলীগড় শোধনাগাৰৰ বিবেকানন্দ চিকিৎসালয়ত অস্থায়ী শ্ৰমিক হিচাপে কৰ্মৰত আছিল শ্রমিকজন।

তৈয়ব আলি নামৰ এজন ঠিকাদাৰৰ অধীনত কৰ্মৰত আছিল হৰেন গগৈ নামৰ অস্থায়ী শ্ৰমিকজন। নুমলীগড় শোধনাগাৰৰ নগৰাঞ্চলত সুৰক্ষা কৱচৰ অবিহনে বিশেষকৈ জোতা আৰু হেলমেট পৰিধান নকৰা বাবেই হৰেন গগৈ দুৰ্ঘটনাত পতিত হৈ মৃত্যু মুখত পৰে বুলি শ্ৰমিক সকলে অভযোগ কৰে।

শ্ৰমিকসকলৰ মতে, ঠিকাদাৰে যাৱতীয় হেলমেট , ছেফটিী জোতা আদি যোগান নধৰি শ্ৰমিকৰ পৰা কাম আদায় কৰিব বিচৰা কাৰ্যৰ বাবেই এনেকৈ এজন যুবকক হেৰুৱাব লগা হ’ল ৷ ঘটনা সংঘটিত হোৱাৰ লগে লগে শ্ৰমিকসকলে শোধনাগাৰৰ নগৰাঞ্চলত থকা কাৰ্যালয়ৰ সন্মুখত ঠিকাদাৰ আৰু শোধনাগাৰৰ সুৰক্ষা বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে।এই ক্ষেত্ৰত  আৰক্ষীক উচিত তদন্ত কৰি ঠিকাদাৰৰ বিৰুদ্ধে ব্যবস্থা গ্ৰহণৰ দাবী জনাইছে বৃহত্তৰ ৰিফাইনেৰী শ্ৰমিক সংগঠনে ৷
Published by: Manjumoni Borah
First published: June 12, 2021, 7:15 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি