• Home
  • »
  • News
  • »
  • assam
  • »
  • ২৫ৰ পৰা ২৭ এপ্ৰিললৈ নিজ নিজ গন্তব্য স্থানলৈ যাব ৪১ হাজাৰ লোক

২৫ৰ পৰা ২৭ এপ্ৰিললৈ নিজ নিজ গন্তব্য স্থানলৈ যাব ৪১ হাজাৰ লোক

কাইলৈ ১২,৬০০ লোকক ৰাজ্য চৰকাৰে নিজ নিজ গন্তব্য স্থানলৈ নিয়াৰ বাবে সেৱা আগবঢ়াব।

কাইলৈ ১২,৬০০ লোকক ৰাজ্য চৰকাৰে নিজ নিজ গন্তব্য স্থানলৈ নিয়াৰ বাবে সেৱা আগবঢ়াব।

কাইলৈ ১২,৬০০ লোকক ৰাজ্য চৰকাৰে নিজ নিজ গন্তব্য স্থানলৈ নিয়াৰ বাবে সেৱা আগবঢ়াব।

  • Share this:
লকডাউনৰ ফলত অসমৰ বিভিন্ন স্থানত আবদ্ধ হৈ আছে বহু লোক। বহু লোকে পাছৰ অভাৱৰ বাবে আহিব পৰা নাই নিজ নিজ গন্তব্য স্থানলৈ। যাৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। কাইলৈৰ পৰা অসম ৰাজ্যিক পৰিবহণ বিভাগৰ সহযোগত যাব পাৰিব নিজ নিজ গন্তব্য স্থানলৈ। ২৭ এপ্ৰিললৈ এই সুবিধা প্ৰদান কৰিছে ৰাজ্য চৰকাৰে।

পৰ্যায়ক্ৰমে তিনিটা দিনত অসমৰ বিভিন্ন স্থানৰ পৰা নিজ নিজ গন্তব্য স্থানলৈ যাব ৪১ হাজাৰ লোক। এ এছ টি চিয়ে এইসকল লোকৰ বাবে দুই হাজাৰো অধিক বাছৰ ব্যৱস্থা কৰিছে। সমান্তৰালকৈ এ এছ টি চিৰ তত্বাবধানত থকা বাছসমূহেও সহায়-সহযোগিতা আগবঢ়াব। ২৫ এপ্ৰিল অৰ্থাৎ কাইলৈ দিনটোত দাঁতিকাষৰীয়া স্থানত আবদ্ধ হৈ থকা লোকসকলে এ এছ টি চিৰ বাছৰ সহায়ত নিজ নিজ গন্তব্য স্থানলৈ লৈ যাব পাৰিব।

তাৰ পিছত পৰ্যায়ক্ৰমে অন্য আবদ্ধ হৈ থকা লোকক এই সুবিধা আগবঢ়াব। কাইলৈ ১২,৬০০ লোকক ৰাজ্য চৰকাৰে নিজ নিজ গন্তব্য স্থানলৈ নিয়াৰ বাবে সেৱা আগবঢ়াব। যিসকলে প্রথম দিনা এই সুবিধা লাভ কৰিব তেওঁলোকৰ ম’বাইলত এছ এম এছ যোগে কোন স্থানৰ পৰা বাছখন যাত্ৰা কৰিব, কিমান সময়ত যাব, এই সকলো তথ্য প্ৰেৰণ কৰা হ’ব।

যাত্ৰাৰ এদিন পুৰ্বে ১০৪ত যিটো নম্বৰৰ পৰা ফোন কৰিছিল সেইটো নম্বৰত যাব SMS৷ প্ৰথমদিনা ওচৰ–পাজৰৰ স্থানলৈ প্ৰেৰণ কৰাৰ পিছতে দ্বিতীয় দিনৰ পৰা প্ৰেৰণ কৰিব দূৰণিবটীয়া যাত্ৰীসকলক৷ আনহাতে যিসকল লোকে নিজ গাড়ী লৈ নিজ নিজ স্থানলৈ যাব সেই সকল লোকলৈও তেওঁলোকৰ আবেদন অনুসৰি আজি সন্ধিয়াৰ পৰা SMS যাব৷
Published by:Sanjay Kumar Das
First published: