বানৰ প্ৰবল সোঁতত উটি যায় ৩৫ বছৰীয়া যুৱকজন
দলগাঁৱৰ ৩নং মাধৱগোহাঁই গাঁৱত অঘটন। ধনশ্ৰীৰ মৰা নৈত মাছ ধৰিবলৈ গৈ উটি গ'ল ৩৫ বছৰীয়া যুৱক । ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য ।
মাধৱগোহাঁইৰ ধনশ্ৰী মৰা নৈত মাছ ধৰাৰ উদ্দেশ্যে জয়নাল আবদিন আৰু বাহাৰুল ইছলাম নামৰ লোক দুজনে হাতত জাল লৈ নৈ পাৰ হ'ব ধৰাত বানৰ প্ৰবল সোঁতত উটি যায় জয়নাল আবদিন নামৰ ৩৫ বছৰীয়া যুৱকজন (One man died while Fishing in floods)।
আনহাতে বাহাৰুল ইছলাম নামৰ লোকজন কোনোমতে পানীৰ পৰা প্ৰাণৰক্ষা কৰে যদিও জয়নাল আবেদিনৰ সন্ধান এতিয়াও ওলোৱা নাই ।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|