বনৰীয়া কাঠফুলা খোৱাৰ পূৰ্বে দহবাৰ ভাবক। পৰাপক্ষত হাবিৰ পৰা সংগ্ৰহ কৰি কাঠফুলা খোৱাৰ পৰা বিৰত থাকক। বিষাক্ত কাঠফুলা খাই গোলাঘাটৰ এগৰাকীৰ মহিলাৰ মৃত্যু হোৱাৰ লগতে এটি শিশুকে ধৰি মুঠ তিনিজন লোক বৰ্তমান JMCH ত চিকিৎসাধীন হৈ আছে। কাঠফুলাৰ বিষক্ৰিয়াত আক্ৰান্ত হৈ একাংশ লোক এতিয়া মেৰাপানী আৰু গোলাঘাটৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।
দৰাচলতে, মেৰাপানীত বিষাক্ত কাঠফুলা খাই বিষক্ৰিয়াত আক্ৰান্ত হোৱা ১৩ গৰাকী লোকৰ ভিতৰত এগৰাকী মহিলাৰ মৃত্যু ঘটিছে। উল্লেখ্য যে, মেৰাপানী সীমান্তৰ আপাৰ মেৰাপানীৰ পাঁচটাকৈ পৰিয়ালৰ লোকে পাহাৰৰ পৰা বুতলি অনা বনৰীয়া কাঠফুলাৰ আঞ্জা প্ৰস্তুত কৰি খোৱাৰ পিছত শিশুসহ ১৩ জনকৈ লোক অসুস্থ হৈছিল। ইয়াৰ পাছতেই অসুস্থ লোকসকলক মেৰাপানী, গোলাঘাট আৰু যোৰহাটৰ চিকিৎসালয় ভৰ্তি কৰোৱা হৈছিল। চিকিৎসাধীন কেইবাজনো লোকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা হৈছে । শিশু মহিলাসহ সৰ্বমুঠ ১১ জনকৈ লোক বৰ্তমান চিকিৎসাধীন হৈ থকা বুলি পৰিয়ালৰ লোকে সদৰি কৰিছে ।
কাঠফুলাৰ বিষক্ৰিয়াত আক্ৰান্ত এটি শিশু JMCHৰ ICUত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে। JMCHত চিকিৎসাধীন হৈ থকা এগৰাকী মহিলা আৰু এগৰাকী পুৰুষৰ বৰ্তমান অৱস্থা পূৰ্বতকৈ সুস্থিৰ।
JMCHৰ অধীক্ষক ডা০ পূৰ্ণিমা বৰুৱাই কাঠফুলাৰ বিষক্ৰিয়াৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি সকলোকে বনৰীয়া কাঠফুলা খোৱাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে।
- First Published :