• Home
  • »
  • News
  • »
  • assam
  • »
  • নাজিৰাৰ গেলেকীত মাহ প্ৰসাদ খাই বিষক্ৰিয়াত আক্ৰান্ত হৈ এজনৰ মৃত্যু, চিকিৎসাধীন বহুজন

নাজিৰাৰ গেলেকীত মাহ প্ৰসাদ খাই বিষক্ৰিয়াত আক্ৰান্ত হৈ এজনৰ মৃত্যু, চিকিৎসাধীন বহুজন

বিষক্ৰিয়াত আক্ৰান্ত হৈ থকা আন একাংশৰ অৱস্থা শেহতীয়াকৈ অৱনতি ঘটিছে।

বিষক্ৰিয়াত আক্ৰান্ত হৈ থকা আন একাংশৰ অৱস্থা শেহতীয়াকৈ অৱনতি ঘটিছে।

বিষক্ৰিয়াত আক্ৰান্ত হৈ থকা আন একাংশৰ অৱস্থা শেহতীয়াকৈ অৱনতি ঘটিছে।

  • Share this:
নাজিৰাৰ গেলেকী লাহন গাঁৱত দেওবাৰে নিশা মাহ প্ৰসাদ খাই বিষক্ৰিয়াত আক্ৰান্ত হোৱাসকলৰ মাজৰে এজন লোকৰ আজি পুৱা মৃত্যু হয়। গেলেকী লাহন গাঁৱৰ ৩২ বছৰীয়া মথং গগৈ ওৰফে লোহিত গগৈৰ আজি পুৱা লিগিৰীপুখুৰী অসামৰিক চিকিৎসালয়লৈ লৈ অনা অৱস্থাতে মৃত্যু হয়।

ইফালে বিষক্ৰিয়াত আক্ৰান্ত হৈ থকা আন একাংশৰ অৱস্থা শেহতীয়াকৈ অৱনতি ঘটিছে।
বৰ্তমান গেলেকী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সমান্তৰালকৈ নাজিৰা লিগিৰীপুখুৰী অসামৰিক চিকিৎসালয় আৰু শিৱসাগৰ অসামৰিক চিকিৎসালয়ত অৰ্ধশতাধিক লোক চিকিৎসাধীন হৈ আছে।

বিষাক্ত বুট মগু বিক্ৰী কৰা গেলেকী চাৰিআলিৰ নৰেশ জালান মালিকানাধীন আশীষ ষ্ট’ৰ নামৰ দোকানখন ইতিমধ্যে ছীল কৰিছে নাজিৰা মহকুমা প্ৰশাসনে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি