
আৰক্ষী থানা জ্বলোৱা মূল অভিযুক্ত মজিদা খাতুনক গ্ৰেপ্তাৰ কৰাত ব্যৰ্থ নগাঁও আৰক্ষী।আৰক্ষীৰ জিম্মাত দুৰ্ঘটনাত মৃত্যু হৈছিল আস্বিকুল ইছলাম নামৰ আন এক অভিযুক্তৰ।
আৰক্ষী থানা জ্বলোৱা মূল অভিযুক্ত মজিদা খাতুনক গ্ৰেপ্তাৰ কৰাত ব্যৰ্থ নগাঁও আৰক্ষী।আৰক্ষীৰ জিম্মাত দুৰ্ঘটনাত মৃত্যু হৈছিল আস্বিকুল ইছলাম নামৰ আন এক অভিযুক্তৰ।
বটদ্ৰৱা কাণ্ডৰ অন্যতম মূল অভিযুক্ত চফিকুল ইছলামক গ্ৰেপ্তাৰ নগাঁও আৰক্ষীৰ। চলিত বৰ্ষৰ ২১ মে'ত জ্বলাই দিছিল বটদ্ৰৱা আৰক্ষী থানা। থানা জ্বলোৱাৰ সময়ত পেট্ৰ’ল যোগান ধৰিছিল ধৃত চফিকুল ইছলামে। ঘটনা সংঘটিত হোৱাৰ পৰাই কেৰালাত আত্মগোপন কৰি আছিল চফিকুল ইছলামে।
মঙলবাৰে নিশা মৈৰাবাৰীৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চফিকুল ইছলামক। মুঠ ২৪ জনক অভিযুক্ত কৰি চার্জশ্বিট দাখিল কৰিছিল নগাঁও আৰক্ষীয়ে। ইয়াৰে মুঠ ১২ জনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় নগাঁও আৰক্ষী। এতিয়াও পলাতক ১২ জনকৈ অভিযুক্ত।
আৰক্ষী থানা জ্বলোৱা মূল অভিযুক্ত মজিদা খাতুনক গ্ৰেপ্তাৰ কৰাত ব্যৰ্থ নগাঁও আৰক্ষী।আৰক্ষীৰ জিম্মাত দুৰ্ঘটনাত মৃত্যু হৈছিল আস্বিকুল ইছলাম নামৰ আন এক অভিযুক্তৰ।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|