হোজাইৰ নীলবাগানত ডকমকা কাণ্ডৰ দৰে এক নৃশংস আৰু জঘন্য ঘটনাৰ পৰা কথমপি প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হ’ল এজন লোক। নীলবাগানৰ ৰাজপথত দিনদুপৰতে সংঘটিত হৈছে এই ভয়ংকৰ গণপ্ৰহাৰৰ ঘটনা।
চালকৰ ডিঙি কাটি গাড়ী চুৰি কৰা বুলি উৰা বাতৰি (Rumour) বিয়পাই দিয়াৰ পাছতেই একাংশ উত্তেজিত লোকে আটক কৰে দিলোৱাৰ হুছেইন নামৰ এজন লোকক । লগে লগে নীলবাগানৰ ৰাজপথত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।
ৰাজপথত খেদি খেদি একাংশ উদণ্ড লোকে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে দিলোৱাৰ হুছেইনক। উত্তপ্ত পৰিস্থিতিৰ মাজতে দিলোৱাৰ হুছেইনৰ পত্নীয়ে ৰাজপথত হিয়াধাকুৰি কান্দি কান্দি স্বামীৰ প্ৰাণৰ ভিক্ষা বিছাৰিছিল। কিন্তু উন্মাদ লোকৰ দলটোৰ কোনোৱেও ক্ষান্ত হোৱা নাছিল।
আক্ৰমণৰ বলি হোৱা দিলোৱাৰ হুছেইনৰ ঘৰ লংকাৰ উদালীত। একাংশ সচেতন লোকৰ তৎপৰতাত কথমপি প্ৰাণ ৰক্ষা পৰে দিলোৱাৰৰ। অৱেশষত নীলবাগান আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কৰে দিলোৱাৰক।
অভিযোগ মতে এক ষড়য়ন্ত্ৰৰ অধীনত গিয়াছ উদ্দিন আৰু মইন উদ্দিন নামৰ লোক দুজনে বিয়পাই দিছিল গাড়ী চুৰিৰ উৰা বাতৰি। উৰা বাতৰিৰ বিয়পোৱা গিয়াছ উদ্দিন আৰু মইন উদ্দিনৰ ঘৰ পশ্চিম নীলবাগানত।
অভিযোগ মতে এই সমগ্ৰ ঘটনা পৰিকল্পনা কৰিছিল দিলোৱাৰৰ খুলশালীয়েক কপিল উদ্দিনে। টকাৰ লেনদেনক লৈ দুই শালপতিৰ মাজত চলি থকা সংঘাতৰ পৰিণতিতে এই শিহৰণকাৰী ঘটনা সংঘটিত হোৱাৰ অভিযোগ কৰিছে দিলোৱাৰৰ পত্নী আৰু মাতৃয়ে।
নীলবাগান আৰক্ষীয়ে ঘটনাস্থলীৰ পৰাই কপিল উদ্দিন আৰু গিয়াছ উদ্দিনক আটক কৰিবলৈ সক্ষম হয় যদিও মইন উদ্দিন নামৰ লোকজনে পলায়ন কৰে। আটক কৰা কপিল উদ্দিনৰ ঘৰ তাৰকাটা গাঁৱত আৰু গিয়াছ উদ্দিনৰ ঘৰ পশ্চিম নীলবাগানত।
Published by: Manjumoni Borah
First published: April 11, 2021, 22:35 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|