• Home
  • »
  • News
  • »
  • assam
  • »
  • মহৰমত গাড়ী লণ্ড ভণ্ড কৰা ফুলকান আলী নামৰ এজন আৰক্ষীৰ জালত

মহৰমত গাড়ী লণ্ড ভণ্ড কৰা ফুলকান আলী নামৰ এজন আৰক্ষীৰ জালত

মহৰমত তাজিয়া প্ৰদৰ্শনত কৰা উদ্ভণ্ডালি বন্দী হৈছিল কেমেৰাত।

মহৰমত তাজিয়া প্ৰদৰ্শনত কৰা উদ্ভণ্ডালি বন্দী হৈছিল কেমেৰাত।

মহৰমত তাজিয়া প্ৰদৰ্শনত কৰা উদ্ভণ্ডালি বন্দী হৈছিল কেমেৰাত।

  • Share this:
    মহৰমৰ তাজিয়া প্ৰদৰ্শনৰ নামত চূড়ান্ত উদ্ভণ্ডালিৰে গাড়ী ভাঙি লণ্ড–ভণ্ড কৰা ফুলকান আলী নামৰ এজন ২৪বছৰীয়া যুৱক ডিব্ৰুগড়ৰ মিৰজাবাগত আৰক্ষীৰ জালত পৰিছে। পৰম্পৰাৰ নামত অসভ্যালিৰ সকলো সীমা চেৰাই পথৰ দাঁতিত ৰখাই থোৱা গাড়ী ভাঙিছিল দুষ্কৃতিকাৰীয়ে। AS 06 P9849 আৰু AS06K7736 নম্বৰৰ গাড়ীদুখন ভাঙিছিল দুৰ্বৃত্তই। ডিব্ৰুগড় আৰক্ষীয়ে ১৫২৩/১৯ নম্বৰত এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰাৰ পিছতে বুধবাৰে ফুলকান আলীক কৰায়ত্ব কৰে। মহৰমত তাজিয়া প্ৰদৰ্শনৰ নামত কৰা উদ্ভণ্ডালি বন্দী হৈছিল কেমেৰাত

    উল্লেখযোগ্য যে, মহৰমৰ দিনা ডিব্ৰুগড়ৰ ৰাজপথত দেখা গ’ল একাংশৰ চৰম উদ্ভণ্ডালি। তাজিয়া প্ৰদৰ্শনৰ নামত ভাঙি চূৰ্ণ–বিচূৰ্ণ কৰিলে দুখনকৈ বাহনৰ আইনা। ৰাজপথৰ কাষত ৰখাই থোৱা আছিল বাহন দুখন। এই ঘটনাক লৈ এতিয়া ছচিয়েল মিডিয়াত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। বহু লোকে এই ঘটনাক সমালোচনা কৰিছে। পৰম্পৰাৰ নামত এইদৰে ৰাজপথত উদ্ভণ্ডালি চলোৱা কাৰ্য কোনোপধ্যে গ্ৰহণযোগ্য হ’ব নোৱাৰে বুলি মন্তব্য কৰিছে সচেতন মহলে।

    আচলতে কি হৈছিলঃ


     
    First published: