• Home
  • »
  • News
  • »
  • assam
  • »
  • বৰপেটাত পুনৰ জেহাদীৰ সন্দেহত এজনক আটক, বৰপেটাত ৫ দিনত ৯জনক গ্ৰেপ্তাৰ

বৰপেটাত পুনৰ জেহাদীৰ সন্দেহত এজনক আটক, বৰপেটাত ৫ দিনত ৯জনক গ্ৰেপ্তাৰ

যোৱানিশা আটক কৰা জেহাদীটোকে লৈ বৰপেটাত এতিয়ালৈকে ১০ জেহাদী আৰক্ষীৰ জালত পৰিছে৷

যোৱানিশা আটক কৰা জেহাদীটোকে লৈ বৰপেটাত এতিয়ালৈকে ১০ জেহাদী আৰক্ষীৰ জালত পৰিছে৷

যোৱানিশা আটক কৰা জেহাদীটোকে লৈ বৰপেটাত এতিয়ালৈকে ১০ জেহাদী আৰক্ষীৰ জালত পৰিছে৷

  • Share this:
বৰপেটাত পুনৰ আন এটা জেহাদীৰ সন্দেহত আটক৷ যোৱানিশা বৰপেটাৰ বিভিন্ন স্থানত আৰক্ষীয়ে অভিযান চলাই ABTৰ সৈতে জড়িতৰ অভিযোগত আটক কৰে লোকজনক৷ আটক কৰা লোকজনৰ নাম ছফিক উদ্দিন আহমেদ বুলি জানিব পৰা গৈছে৷ ঘৰ বৰপেটাৰ গৰৈমাৰী গাঁৱত৷ কলগাছিয়াৰ ক্ষুদ্ৰকুছি গাঁৱত পলাতক অৱস্থাত আটক কৰা হৈছে ছফিক উদ্দিন আহমেদক৷

ইপিনে বৰপেটাত উপস্থিত হৈছে NIAৰ দল৷ গুৱাহাটীৰ পৰা বৰপেটাত উপস্থিত হোৱা NIAৰ দলটো বৰপেটা সদৰ থানাত উপস্থিত হৈছে৷ বিগত ৫ দিনৰ ভিতৰত বৰপেটাত মুঠ ৯টা জেহাদীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে৷

আনহাতে, যোৱানিশা আটক কৰা জেহাদীটোকে লৈ বৰপেটাত এতিয়ালৈকে ১০ জেহাদী আৰক্ষীৰ জালত পৰিছে৷ বৰপেটাত জেহাদী গ্ৰেপ্তাৰৰ পিছত আজি NIAৰ দল বৰপেটাত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত৷

ইপিনে বৰপেটাত ধৃত জেহাদীকেইটাক নিৰাপত্তা বাহিনীৰ চোৰাংচোৱা সংস্থাসমূহৰ লগতে অসম আৰক্ষীৰ বিশেষ শাখাৰ বিষয়াসকলে বৰপেটাত বাহৰ পাতি তদন্ত চলাই আছে৷ অৱশ্যে বৰপেটাত পুনৰ এটা জেহাদী আটক অথবা NIAৰ দল উপস্থিত হোৱাক লৈ আৰক্ষীয়ে কোনো কথা অৱগত কৰা নাই সংবাদ মাধ্যমক৷
Published by:Sanjay Kumar Das
First published: