• Home
  • »
  • News
  • »
  • assam
  • »
  • কামপুৰত জাপানীজ এনকেফেলাইটিছৰ ভয়াৱহ ৰূপ, আৰু এজন লোকৰ মৃত্যু

কামপুৰত জাপানীজ এনকেফেলাইটিছৰ ভয়াৱহ ৰূপ, আৰু এজন লোকৰ মৃত্যু

প্ৰবীণ চন্দ্ৰ বৰা বিগত এটা মাহে অতি সংকটজন অৱস্থাত গুৱাহাটী মেডিকেল কলেজত চিকিৎসাধীন হৈ আছিল। চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় বৰাৰ।

  • Share this:
দুটাকৈ প্ৰলয়ংকৰী বানে ধুই নিয়া কামপুৰত এতিয়া জাপানীজ এনকেফেলাইটিছ ৰোগে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। জাপানীজ এনকেফেলাইটিছ ৰোগত আক্রান্ত হৈ কামপুৰত পুনৰ আন এজন লোকৰ মৃত্যু হৈছে। লোকজন কামপুৰৰ অমৰাৱতী গাঁৱৰ প্ৰবীণ চন্দ্ৰ বৰা। প্ৰবীণ চন্দ্ৰ বৰা বিগত এটা মাহে অতি সংকটজন অৱস্থাত গুৱাহাটী মেডিকেল কলেজত চিকিৎসাধীন হৈ আছিল। চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় বৰাৰ।

প্ৰবীণ চন্দ্ৰ বৰাকে ধৰি বিগত দহ দিনৰ অন্তৰালত কঠিয়াতলী মহকুমা স্বাস্থ্য বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত কামপুৰ, কঠিয়াতলী আৰু কচুৱা অঞ্চলত জাপানীজ এনকেফেলাইটিছত পাঁচজন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে।

চাংচকীৰ প্ৰাক্তন শিক্ষক পুলিন মজুমদাৰ আৰু নিজ কামপুৰৰ কপিল লস্কৰ, কঠিয়াতলীৰ বিলচাআটিৰ নৃপেন বৰদলৈ, কচুৱাৰ ৰাব্বুল হুছেইন নামৰ শিশুটি জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত্যু মুখত পৰে। ইপিনে ৰাইজে তাৎক্ষনিকভাৱে জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰতিকাৰৰ ব্যৱস্থা লবলৈ স্বাস্থ্য বিভাগক দাবী জনাইছে।
Published by:Sanjay Kumar Das
First published: