உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • অসমত আৰু এজনৰ দেহত কোৰোণা পজিটিভ, এদিনতে ৫জনৰ দেহত ধৰা পৰিল সংক্ৰমণ

    অসমত আৰু এজনৰ দেহত কোৰোণা পজিটিভ, এদিনতে ৫জনৰ দেহত ধৰা পৰিল সংক্ৰমণ

    Source-Google

    Source-Google

    আজিৰ ৫জনকে ধৰি অসমত এইপৰ্যন্ত ৪২জন লোক আক্ৰান্ত হৈছে কোৰোণা ভাইৰাছত।

    • Share this:
    অসমত আৰু এজন লোকৰ দেহত ধৰা পৰিছে কোৰোণা পজিটিভ। কৰিমগঞ্জৰ এজন লোকৰ দেহত ধৰা পৰিছে কোৰোণা ভাইৰাছৰ অৱস্থিতি। এই লোকজনৰো নিজামুদ্দিন মাৰ্কাজৰ সৈতে সম্পৰ্ক আছে। এই কথা টুইটাৰযোগে প্ৰকাশ কৰিছে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

    ইয়াৰ পূৰ্বে আজি বঙাইগাঁৱত চাৰিজনৰ দেহত ধৰা পৰিছিল কোৰোণা পজিটিভ। আজিৰ দিনটোত অসমত মুঠ ৫ জন লোকৰ দেহত ধৰা পৰিল কোৰোণা পজিটিভ।

    আজিৰ ৫জনকে ধৰি অসমত এইপৰ্যন্ত ৪২জন লোক আক্ৰান্ত হৈছে কোৰোণা ভাইৰাছত। ইয়াৰে এজনৰ মৃত্যু হোৱাৰ বিপৰীতে ২৯জন সুস্থ হৈ হাস্পতালৰ পৰা উভতিছে। আন ১২জন এতিয়াও চিকিৎসাধীন হৈ আছে বিভিন্ন হাস্পতালত। এদিনতে ৫জনকৈ লোকৰ দেহত কোৰোণা পজিটিভ ওলোৱাৰ পিছতে এতিয়া ৰাজ্যবাসীৰ মনত সৃষ্টি হৈছে উদ্বিগ্নতা।
    Published by:Sanjay Kumar Das
    First published: