নৃত্যশিল্পীৰ দলক উলংগ হৈ নাচিবলৈ কোৱা আৰু এজনক গ্ৰেপ্তাৰ

৭ জুনৰ নিশা আচলপাৰাত এক সাংস্কৃতিক অনুষ্ঠানত বকোৰ এটা নৃত্য দলক উলংগ নৃত্য কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছিল একাংশই৷

News18-Assam
Updated:August 26, 2019, 2:49 PM IST
নৃত্যশিল্পীৰ দলক উলংগ হৈ নাচিবলৈ কোৱা আৰু এজনক গ্ৰেপ্তাৰ
৭ জুনৰ নিশা আচলপাৰাত এক সাংস্কৃতিক অনুষ্ঠানত বকোৰ এটা নৃত্য দলক উলংগ নৃত্য কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছিল একাংশই৷
News18-Assam
Updated: August 26, 2019, 2:49 PM IST
ছয়গাঁৱৰ গৰৈমাৰীৰ আচলপাৰাত ৭ জুনত সংঘটিত লজ্জাজনক ঘটনাত জড়িত আৰু এজনক গ্ৰেপ্তাৰ। উক্ত ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত দেওবাৰে নিশা ছাহনুৰ ইছলাম নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰে ছয়গাঁও আৰক্ষীয়ে। দেওবাৰে নিশা আৰক্ষীয়ে গোপন সূত্ৰৰ খবৰৰ ভিত্তিত আচলপাৰাৰ ওচৰৰ ভিতৰদুৱাৰৰ পৰা গ্ৰেপ্তাৰ কৰে ছাহনুৰক৷ ছয়গাঁও থানাত ৰুজু হৈ থকা ৫২৯/২০১৯ নং গোচৰত সোমবাৰে জে’ল হাজোতলৈ প্ৰেৰণ কৰে যুৱকজনক৷ উল্লেখযোগ্য যে ৭ জুনৰ নিশা আচলপাৰাত এক সাংস্কৃতিক অনুষ্ঠানত বকোৰ এটা নৃত্য দলক উলংগ নৃত্য কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছিল একাংশই৷ এই ঘটনাক লৈ ইতিমধ্যে সমগ্ৰ অসমজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।
আৰু চাওক পৰৱৰ্তী বাতৰি