যুৱতীৰ উলংগ নৃত্য চাব বিচৰা আৰু এজনক আটক

ঘটনা সন্দৰ্ভত পূৰ্বে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল চাৰিজনক।

news18assam
Updated:June 11, 2019, 10:23 AM IST
যুৱতীৰ উলংগ নৃত্য চাব বিচৰা আৰু এজনক আটক
ঘটনা সন্দৰ্ভত পূৰ্বে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল চাৰিজনক।
news18assam
Updated: June 11, 2019, 10:23 AM IST
ছয়গাঁৱৰ আচলপাৰাৰ লজ্জাজনক ঘটনাৰ সৈতে জড়িতৰ অভিযোগত আৰু এজনক আটক কৰিছে আৰক্ষীয়ে। নিশা আটক আতিকুল ইছলাম নামৰ যুৱকজনক। ধৃত আতিকুলৰ ঘৰ আচলপাৰাত। সম্প্ৰতি ছয়গাঁও আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে যুৱকজনৰ।

ঘটনা সন্দৰ্ভত পূৰ্বে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল চাৰিজনক। সোমবাৰে গ্ৰেপ্তাৰ হৈছিল নিজামুদ্দিন আৰু ৰহমত আলী নামৰ দুই অভিযুক্ত। তাৰ পূৰ্বে গ্ৰেপ্তাৰ হৈছিল শ্বাহৰুখ খান আৰু চুভাহান খান নামৰ দুজন। উল্লেখযোগ্য যে ঈদৰ এক অনুষ্ঠানত নৃত্যশিল্পীক অশ্লীল ব্যৱহাৰ কৰিছিল একাংশ বিকৃত মানসিকতাৰ লোকে। মঞ্চত যুৱতীক উলংগ হৈ নাচিবলৈ কৈছিল অনুষ্ঠানটোৰ আয়োজক সমিতিয়ে। এই ঘটনাক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ।
আৰু চাওক পৰৱৰ্তী বাতৰি