মুখ্যপৃষ্ঠা »খবৰ »অসম »Nagaon : বেবেজীয়াৰ বাথাংই গাঁৱত মুমূৰ্ষু অৱস্থাত উদ্ধাৰ এজনক, চিকিৎসালয়ত মৃত্যু

Nagaon : বেবেজীয়াৰ বাথাংই গাঁৱত মুমূৰ্ষু অৱস্থাত উদ্ধাৰ এজনক, চিকিৎসালয়ত মৃত্যু

 আৰক্ষীয়ে ব্যক্তিজনৰ আচল পৰিচয়, ঘৰৰ ঠিকনা আৰু পৰিয়ালৰ লোকক বিচাৰি নোপোৱাত মৃতদেহটো চমজাই দিব পৰা নাই।

  • Share this:
বেবেজীয়াৰ বাথাংই গাঁওত সোমবাৰে দীপাৱালীৰ সন্ধিয়া বেবেজীয়া আৰক্ষীয়ে মুমূৰ্ষু অৱস্থাত  উদ্ধাৰ কৰিলে এজন ব্যক্তিক। আৰক্ষী সূত্ৰে জানিব পৰা মতে, সোমবাৰে সন্ধিয়া বাংথাই গাঁৱৰ পথৰ কাষত তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত ব্যক্তিজনক পৰি থকা দেখা পাই স্থানীয় ৰাইজে বেবেজীয়া আৰক্ষীক খবৰ দিয়ে।

বেবেজীয়া আৰক্ষী লগে লগে ঘটনাস্থলীত উপস্থিত হৈ মুমূৰ্ষু অৱস্থাত ব্যক্তিজনক উদ্ধাৰ কৰি নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ চিকিৎসাৰ বাবে লৈ যায় যদিও চিকিৎসালয়তে ব্যক্তিজনৰ মৃত্যু হয়।

স্থানীয় লোকে ব্যক্তিজনৰ নাম বাবুল বুলি আৰক্ষীক জানিবলৈ দিছে। আৰক্ষীয়ে ব্যক্তিজনৰ আচল পৰিচয়, ঘৰৰ ঠিকনা আৰু পৰিয়ালৰ লোকক বিচাৰি নোপোৱাত মৃতদেহটো চমজাই দিব পৰা নাই। বৰ্তমান নগাঁও চিকিৎসালয়ৰ মৰ্গত আছে ব্যক্তিজনৰ মৃতদেহ।ইপিনে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

শেহতীয়া বাতৰি