உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Jagiroad: আৰক্ষীক অনুসৰণ কৰিছে নেকি বন বিভাগে? জাগীৰোডৰ কুঠুৰীত নিহত এজন, জ্বলিল বন বিষয়াৰ কাৰ্যালয়

    Jagiroad: আৰক্ষীক অনুসৰণ কৰিছে নেকি বন বিভাগে? জাগীৰোডৰ কুঠুৰীত নিহত এজন, জ্বলিল বন বিষয়াৰ কাৰ্যালয়

    জাগীৰোডৰ সোণাইকুছি বনাঞ্চলত গছ কাটিবলৈ গৈছিল বৰচিং টিচুৱে ৷ 

    জাগীৰোডৰ সোণাইকুছি বনাঞ্চলত গছ কাটিবলৈ গৈছিল বৰচিং টিচুৱে ৷ 

    জাগীৰোডৰ সোণাইকুছি বনাঞ্চলত গছ কাটিবলৈ গৈছিল বৰচিং টিচুৱে ৷ 

    • Share this:
    ৰাজ্যজুৰি আৰক্ষীৰ এনকাউণ্টাৰে আতংকৰ সৃষ্টি কৰাৰ সময়তে এইবাৰ বন বিভাগৰ এনকাউণ্টাৰ ৷ বনকৰ্মীৰ গুলীত ঢলি পৰিল জাগীৰোডৰ কুঠুৰী কাৰ্বি গাঁৱৰ (Karbi village) বৰচিং টিচু ৷ আহত আন এজন ৰাজীৱ চিংনাৰ গুলীবিদ্ধ হৈ চিকিৎসালয়ত চিকিৎসাধীন ৷

    এই ঘটনা সংঘটিত হৈছে জাগীৰোডৰ (Jagiroad) কুঠুৰীৰ কাৰ্বি গাঁৱত ৷ বনকৰ্মীৰ গুলীত নিহত হয় বৰচিং টিচু ৷  ঘটনা অনুসৰি, জাগীৰোডৰ সোণাইকুছি বনাঞ্চলত গছ কাটিবলৈ গৈছিল বৰচিং টিচুৱে ৷

    ইফালে বনকৰ্মীয়ে উৎকোচ লৈ গছ কাটিবলৈ অনুমতি দিয়াৰ অভিযোগ পৰিয়ালৰ ৷ অভিযোগ যে ইয়াৰ পিছতো বনাঞ্চলত অতৰ্কিতে অভিযান চলায় বনকৰ্মীৰ এটা টহলদাৰী দলে আৰু বনকৰ্মীৰ গুলীত (forest guard Firing)  থিতাতে ঢলি পৰে বৰচিং টিচু নামৰ লোকজন (One Death In Firing) ৷

    এই ঘটনাক লৈ উত্তেজিত লোকে সোমবাৰে নিশাই জ্বলাই দিয়ে কুঠুৰী খণ্ড বন বিষয়াৰ কাৰ্যালয় ৷ লগতে জ্বলাই দিয়ে এখন মটৰ চাইকেল আৰু আচবাব ৷ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ উত্তেজনাই বিৰাজ কৰাৰ লগতে অঞ্চলটোত মোতায়েন কৰা হৈছে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী ৷

    সমান্তৰালভাৱে ঘটনাৰ উচিত তদন্তৰ দাবী জনাইছে স্থানীয় লোক, সদৌ অসম ট্ৰাইবেল সংঘ, ট্ৰাইবেল য়ুথ লীগসহ কেইবাটাও জনগোষ্ঠীয় দল-সংগঠনে ৷ ইফালে ঘটনাৰ বুজ ল'বলৈ নিহত বৰচিং টিচুৰ বাসগৃহত মঙলবাৰে উপস্থিত হৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে উচিত তদন্তৰ আশ্বাস প্ৰদান কৰে মন্ত্ৰী পীয়ূষ হাজৰিকাৰ ব্যক্তিগত সচিব অপূৰ্ব ডেকাই ৷
    Published by:Gautam Barman
    First published: