কলিয়াবৰৰ কুঠৰী-কাৰ্বি আংলং সীমান্তত অঘটন। বনৰীয়া ম'হৰ আক্ৰমণত নিহত এজন লোক। নিহত লোকজন বৰডেকা গাঁৱৰ জয়ছিং ফাঞ্চু বুলি জানিব পৰা গৈছে।
কৃষিভূমিত শাক বিচাৰিবলৈ গৈ বনৰীয়া ম'হৰ আক্ৰমণত মৃত্যু হয় লোকজনৰ। ঘটনাস্থলীত ৰংমংৱে আৰক্ষী উপস্থিত হৈ লোকজনৰ মৃতদেহ উদ্ধাৰ কৰে।
উল্লেখ্য, অঞ্চলটোতত দীৰ্ঘ দিনৰে পৰা সন্ত্ৰাস চলাই আহিছে এটা বনৰীয়া ম'হে। অঞ্চলটোৰ পৰা ম'হটোক খেদি পঠিয়াবলৈ বন বিভাগক বহুবাৰ অনুৰোধ কৰিছিল। কিন্তু বন বিভাগৰ লোকে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ তোলে ৰাইজে। ৰাইজৰ মতে, এনে গুৰুত্বহীনতাৰ বাবেই আজি এগৰাকী লোকৰ কৰুণ মৃত্যু ঘটিল।
Published by: Gautam Barman
FIRST PUBLISHED : March 16, 2023, 16:59 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।