ৰাজ্যৰ শিক্ষিত নিবনুৱাক কেতিয়া প্ৰদান কৰিব চৰকাৰী চাকৰি? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা অনুসৰি অহা মে মাহৰ ভিতৰত ৰাজ্যৰ প্ৰায় ১ লাখ শিক্ষিত নিবনুৱাৰ হাতত ৰাজ্য চৰকাৰে তুলি দিব চৰকাৰী চাকৰিৰ নিযুক্তি পত্ৰ। কিন্তু এই পৰ্যন্ত প্ৰকাশ হোৱা নাই বিশেষ কোনো খালী পদৰ বিজ্ঞাপন। সোমবাৰৰ পৰা আৰম্ভ হোৱা অসম বিধানসভাৰ অধিৱেশনতো এই প্ৰসংগ ব্যাপক ৰূপত চৰ্চিত হৈছে। বিৰোধীয়ে ইয়াকে লৈ থকা-সৰকা কৰিছে শাসকীয় পক্ষক।
মঙলবাৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ১ লাখ চাকৰিৰ সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া আগবঢ়ায়। শইকীয়াই কয় যে, '১ লাখ নিযুক্তি সন্দৰ্ভত আজি প্ৰশ্ন সুধিছিলো। মোৰ প্ৰশ্নৰ উত্তৰ দিবলৈ অপৰাগ হ'ল চৰকাৰ। বিভাগৰ হাতত তথ্য নাই বুলি উল্লেখ কৰিছিলো। এই চৰকাৰে যোৱা ৬ বছৰে ১ লাখ ৭ হাজাৰ ৪৯টা পদ খালী কৰি ৰাখিছে।'
বিৰোধী দলপতিগৰাকীয়ে লগতে কয় যে, 'দৰমহা, অনুদান আদি দিওতে অধিক ধন ব্যয় কৰিছে চৰকাৰে। অনুমান কৰিব পাৰি এইবাৰৰ বাজেট কেনে হ'ব। চৰকাৰ জোৰা টাপলি মাৰি চলি আছে। কেনেকৈ GPD বৃদ্ধি হ'ব বুজা নাযায়।'
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|