• Home
  • »
  • News
  • »
  • assam
  • »
  • NAZIRA : নাজিৰাৰ গেলেকীত নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত সোমাল টেংকাৰ, নিহত এজন

NAZIRA : নাজিৰাৰ গেলেকীত নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত সোমাল টেংকাৰ, নিহত এজন

দুৰ্ঘটনাটোত টেংকাৰখনৰ সহঃ চালক আৰজুদ্দিন আহমেদো যথেষ্ট পৰিমাণে আঘাতপ্ৰাপ্ত হয়।

দুৰ্ঘটনাটোত টেংকাৰখনৰ সহঃ চালক আৰজুদ্দিন আহমেদো যথেষ্ট পৰিমাণে আঘাতপ্ৰাপ্ত হয়।

দুৰ্ঘটনাটোত টেংকাৰখনৰ সহঃ চালক আৰজুদ্দিন আহমেদো যথেষ্ট পৰিমাণে আঘাতপ্ৰাপ্ত হয়।

  • Share this:
শিৱসাগৰ জিলাৰ নাজিৰাৰ গেলেকীত আজি সংঘটিত এক পথ দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হয়৷ এখন  টেংকাৰ বাগৰি পৰাত মুজাকিৰ হুছেইন নামৰ টেংকাৰ চালকজনৰ মৃত্যু হয়।

এই দুৰ্ঘটনাটোত টেংকাৰখনৰ সহঃ চালক আৰজুদ্দিন আহমেদো যথেষ্ট পৰিমাণে আঘাতপ্ৰাপ্ত হয়। জানিব পৰা মতে,  অ'এনজিচিৰ অধীনস্থ ১৪০৪ নং তৈলখাদৰ পৰা কেমিকেল কঢ়িয়াবলৈ যোৱা সময়তে টেংকাৰখন ( এ এছ ২৩ চি চি-১২৯০) দুৰ্ঘটনাগ্ৰস্ত হৈ নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত পৰি যায় (Tanker accident at Nazira) ।

গেলেকীৰ কমলাবাৰীৰ  সমীপত  দুৰ্ঘটনাত পতিত হৈ মৃত্যু হোৱা টেংকাৰখনৰ  চালক মুজাকিৰ হুছেইনৰ ঘৰ গেলেকীৰ মিছাজানত। ইফালে আহত সহঃচালক আৰজুদ্দিন আহমেদক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
Published by:Gautam Barman
First published: