உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Tragic Death of an Elephant : পোৱালি লৈ ধান খাবলৈ অহা মাইকী হাতীৰ শোকাৱহ মত্যু, মৃত মাতৃৰ বুকুত মূৰ গুজি পোৱালিৰ কৰুণ আচৰণ

    Tragic Death of an Elephant : পোৱালি লৈ ধান খাবলৈ অহা মাইকী হাতীৰ শোকাৱহ মত্যু, মৃত মাতৃৰ বুকুত মূৰ গুজি পোৱালিৰ কৰুণ আচৰণ

    Tragic Death of an Elephant : মানস ৰাষ্ট্ৰীয় উদ্যানৰ বনৰীয়া মাইকী হাতীটোৰ মৃত্যুৰ সৈতে জড়িত থকাৰ অভিযোগত কৃষ্ণকান্ত বসুমতাৰী আৰু এন্দা বড়োক বন বিভাগ আৰু আৰক্ষীয়ে আটক কৰে। 

    Tragic Death of an Elephant : মানস ৰাষ্ট্ৰীয় উদ্যানৰ বনৰীয়া মাইকী হাতীটোৰ মৃত্যুৰ সৈতে জড়িত থকাৰ অভিযোগত কৃষ্ণকান্ত বসুমতাৰী আৰু এন্দা বড়োক বন বিভাগ আৰু আৰক্ষীয়ে আটক কৰে। 

    Tragic Death of an Elephant : মানস ৰাষ্ট্ৰীয় উদ্যানৰ বনৰীয়া মাইকী হাতীটোৰ মৃত্যুৰ সৈতে জড়িত থকাৰ অভিযোগত কৃষ্ণকান্ত বসুমতাৰী আৰু এন্দা বড়োক বন বিভাগ আৰু আৰক্ষীয়ে আটক কৰে। 

    • Share this:
    মানাস ৰাষ্ট্ৰীয় উদ্যান (manas National Park)ৰ ভূঞাপাৰা ৰেঞ্জৰ অন্তৰ্গত ককিলাবাৰী কৃষি ফাৰ্মত এটা পোৱালি থকা মাইকী হাতীৰ ছোলাৰ ফেঞ্চিঙত লাগি কৰুণ মৃত্যু (Elephant Death) হয় ৷ জানিব পৰা মতে ধান খাবলৈ আহি বিদ্যুতস্পৃষ্ট হয় মাইকী হাতীজনী। শুকুৰবাৰে আবেলি ঘটনা সন্দৰ্ভত অৱগত হৈ মানাস ৰাষ্ট্ৰীয় উদ্যানৰ উপ ক্ষেত্ৰ সঞ্চালক দিবাকৰ দাস, ভূঞাপাৰা ৰেঞ্জৰ ৰেঞ্জাৰ কামেশ্বৰ বড়ো, মানাস ৰাষ্ট্ৰীয় উদ্যানৰ বিশেষ কৰ্মৰত বিষয়া ধৰণীধৰ বড়ো আৰু পশু চিকিৎসক ডাঃ প্ৰভাত বসুমতাৰীয়ে আৰক্ষীৰ সৈতে ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ তদন্ত কৰে ।

    উল্লেখ্য যে বৃহস্পতিবাৰেই এটা পোৱালিসহ হাতীজনী খাদ্যৰ সন্ধানত মানাস ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ককিলাবাৰী কৃষি ফাৰ্ম (Kokilabari Agricultural Farm)ত প্ৰৱেশ কৰিছিল ৷ ইফালে মাইকী হাতীটোৰ মৃত্যু হোৱাত পোৱালিটো (Elephant Calf)ৰ কৰুণ আচৰণে সকলোকে অধিক আবেগিক কৰি তোলে ৷ হাতী পোৱালিটোৱে মাতৃৰ বুকুত মুৰ গুজি থকা দৃশ্যই অধিক কৰুণ কৰি তোলে পৰিবেশ ৷

    উল্লেখ্য যে ককিলাবাৰী কেন্দ্রীয় কৃষি ফাৰ্মৰ ৩০ বিঘা মাটি লিজত লৈ ককলাবাৰী গাঁৱৰ কৃষ্ণকান্ত বসুমতাৰীয়ে ধান খেতি কৰিছিল। কৃষ্ণকান্ত  বসুমতাৰীয়ে এন্দা বড়ো নামৰ এজন লোকক নিশা খেতি পথাৰত পহৰা দিবলৈ দায়িত্ব দিয়ে। পিছত নিশা ছোলাৰ ফেঞ্চিঙ (Solar fencing)ত বিদ্যুৎ সংযোগ কৰাত পোৱালি থকা বনৰীয়া হাতীজনী বিদ্যুতস্পৃষ্ট হৈ কৰুণ মৃত্যুক আঁকোৱালি লয়। কিন্তু ঘটনাটো কৃষ্ণকান্ত বসুমতাৰীয়ে গাপ দিবলৈ চেষ্টা কৰা বুলি অভিযোগ কৰাত পিছত বন বিভাগ (Assam Forest Department)ৰ লোকে খবৰ পাই ঘটনাস্থলীত উপস্থিত হয় ৷

    আবেলি পশু চিকিৎসক ডা: প্ৰভাত বসুমতাৰীয়ে মৃত মাইকী হাতীটো মৰণোত্তৰ পৰীক্ষা কৰাৰ পিছতে শেষকৃত্য সম্পন্ন কৰে। আনহাতে এবছৰীয়া মতা হাতী পোৱালিটো মানাস ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ ৰেচকিউ চেণ্টাৰলৈ প্ৰেৰণ কৰা হয়। এইফালে মানস ৰাষ্ট্ৰীয় উদ্যানৰ বনৰীয়া মাইকী হাতীটোৰ মৃত্যুৰ সৈতে জড়িত থকাৰ অভিযোগত কৃষ্ণকান্ত বসুমতাৰী আৰু এন্দা বড়োক বন বিভাগ আৰু আৰক্ষীয়ে আটক কৰে।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Manjumoni Borah
    First published: