মাছ মাৰিবলৈ যোৱাৰ সময়তে আহিল কাল ধুমুহা, চকুৰ সন্মুখতে ব্ৰহ্মপুত্ৰত ডুবি মৃত্যু পিতৃৰ

News18 Assam | News18-Assam
Updated:April 15, 2020, 8:24 PM IST
মাছ মাৰিবলৈ যোৱাৰ সময়তে আহিল কাল ধুমুহা, চকুৰ সন্মুখতে ব্ৰহ্মপুত্ৰত ডুবি মৃত্যু পিতৃৰ
এজাক প্ৰচণ্ড ধুমুহাই পৰিয়ালটোলৈ নমাই আনিল ঘোৰ অন্ধকাৰ।

এজাক প্ৰচণ্ড ধুমুহাই পৰিয়ালটোলৈ নমাই আনিল ঘোৰ অন্ধকাৰ।

  • Share this:
দেশত চলি থকা দুৰ্যোগৰ সময়ত ধুবুৰীত অঘটন। পিতা–পুত্ৰই ব্ৰহ্মপুত্ৰত নাৱেৰে  মাছ মাৰি থাকোতে হঠাৎ অহা এজাক প্ৰচণ্ড ধুমুহাই বুৰাই পেলায় নাও। উক্ত ঘটনাত পিতা সেৰ আলী(৫৬)ৰ মৃত্যু হয় যদিও দৈৱক্ৰমে ৰক্ষা পৰে পুত্ৰ। ধুবুৰী আইৰনজংলা গাঁৱৰ দৰিদ্ৰ পৰিয়ালটোৱে মাছ মাৰি কোনোমতে জীৱন নিৰ্বাহ কৰি আহিছিল।

এজাক প্ৰচণ্ড ধুমুহাই পৰিয়ালটোলৈ নমাই আনিল ঘোৰ অন্ধকাৰ। ধুবুৰী নিউঘাটত সংঘটিত হৈছে এই ঘটনা। ঘটনাৰ খবৰ পাই আৰক্ষীয়ে ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী সদৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে আৰক্ষীয়ে।
Published by: Sanjay Kumar Das
First published: April 15, 2020, 8:22 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি