• Home
  • »
  • News
  • »
  • assam
  • »
  • ৰঙিয়াৰ ষ্টেচন ৰোডত দ্ৰুতবেগী ডাম্পাৰে মহতিয়ালে স্কুটী আৰোহীক, থিতাতে নিহত স্কুটী আৰোহী

ৰঙিয়াৰ ষ্টেচন ৰোডত দ্ৰুতবেগী ডাম্পাৰে মহতিয়ালে স্কুটী আৰোহীক, থিতাতে নিহত স্কুটী আৰোহী

মঙলবাৰে আবেলি ৰঙিয়া অভিমুখে আহি থকা অৱস্থাত স্কুটী আৰোহীজনক মহতিয়াই নিয়ে এখন ডাম্পাৰে।

মঙলবাৰে আবেলি ৰঙিয়া অভিমুখে আহি থকা অৱস্থাত স্কুটী আৰোহীজনক মহতিয়াই নিয়ে এখন ডাম্পাৰে।

মঙলবাৰে আবেলি ৰঙিয়া অভিমুখে আহি থকা অৱস্থাত স্কুটী আৰোহীজনক মহতিয়াই নিয়ে এখন ডাম্পাৰে।

  • Share this:
    ৰঙিয়া নগৰৰ ষ্টেচন ৰোডত দ্ৰুতবেগী ডাম্পাৰে মহতিয়ালে স্কুটী আৰোহীক। মঙলবাৰে সংঘটিত এই দুৰ্ঘটনাত থিতাতে নিহত হয় স্কুটী আৰোহী। দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত আৰক্ষীক খবৰ দিয়াৰ এঘণ্টালৈ ঘটনাস্থলীত আৰক্ষী উপস্থিত নোহোৱাৰ অভিযোগ।

    ঘটনাৰ বিৱৰণী মতে, মঙলবাৰে আবেলি ৰঙিয়া অভিমুখে আহি থকা অৱস্থাত স্কুটী আৰোহীজনক মহতিয়াই নিয়ে এখন ডাম্পাৰে। নিহত লোকজন হৈছে ৰঙিয়াৰ সমীপৰ আলাগদিয়াৰ পংকজ ভট্ট (৫০)। দুৰ্ঘটনা সংঘটিত কৰিয়ে ঘটনাস্থলীৰ পৰা পলায়নৰ চেষ্টা ডাম্পাৰৰ চালকৰ। ৰাইজে খেদি খেদি AS 25 CC 3494 নম্বৰৰ ডাম্পাৰখন জব্দ কৰে।

    দুৰ্ঘটনাক কেন্দ্ৰ কৰি কেইবা ঘণ্টা ধৰি বন্ধ হৈ থাকিল ৰঙিয়া ষ্টেচন ৰোড। পিছত আৰক্ষী, অৰ্ধ–সামৰিক বাহিনী উপস্থিত হয়। পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত আৰক্ষীৰ শীৰ্ষ বিষয়া, মহকুমা আৰক্ষী বিষয়া, দণ্ডাধীশ উপস্থিত হৈ ৰাইজক আশ্বাস দিয়াত পৰিস্থিতি কিছু শাম কাটে।

    উল্লেখ্য যে দিনৰ ভাগত ৰঙিয়া নগৰত গধুৰ বাহনৰ চলাচল নিষিদ্ধ কৰিছে মহকুমা প্ৰশাসনে। তাৰ পিছতো নিজৰ ময়মতালিৰে প্ৰৱেশ নিষিদ্ধ পথত যাতায়াত কৰে ডাম্পাৰসমূহে। এইক্ষেত্ৰত চকুমুদা কুলিৰ ভাওত ৰঙিয়া আৰক্ষী। আৰক্ষীক ৰাইজে বাৰে বাৰে অভিযোগ দিয়াৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে।
    Published by:Sanjay Kumar Das
    First published: