নুমলীগড়ত ভয়ংকৰ পথ দুৰ্ঘটনা, টাটা ডি আই আৰু মাৰুটি ব্ৰেজ্জাৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত এজন

News18 Assam | News18-Assam
Updated:June 11, 2021, 3:55 PM IST
নুমলীগড়ত ভয়ংকৰ পথ দুৰ্ঘটনা, টাটা ডি আই আৰু মাৰুটি ব্ৰেজ্জাৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত এজন
দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে টাটা ডি আইখনৰ চালক–হেণ্ডিমেনে।

দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে টাটা ডি আইখনৰ চালক–হেণ্ডিমেনে।

  • Share this:
নুমলীগড়ত ভয়াৱহ পথ দুৰ্ঘচনা। ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা। টাটা ডি আই আৰু মাৰুটি ব্ৰেজ্জা বাহনৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত হয় এজন। নুমলীগড়ৰ কমাৰগাঁৱত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত থিতাতে এজন নিহত হোৱাৰ লগতে আন এজন আহত হয়।

AS 02 CC 3943 নম্বৰৰ এখন টাটা ডি আই বাহন আৰু AS 01 ED 1998 নম্বৰৰ এখন মাৰুতি ব্ৰেজ্জা বাহনৰ মুখামুখি সংঘৰ্ষ হয়। সংঘৰ্ষৰ ফলত ব্ৰেজ্জাখনৰ আৰোহী মণিপুৰৰ চংথাম দেৱকুমাৰ সিং নামৰ লোকজনৰ মৃত্যু হয়। আহত হয় বাহনখনৰ চালকৰ আসনত থকা মিলন সিং নামৰ আন এজন লোক।

ইফালে, দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে টাটা ডি আইখনৰ চালক–হেণ্ডিমেনে। ঘটনাস্থলীত কমাৰগাঁও আৰক্ষী উপস্থিত হৈ আহতজনক উন্নত চিকিৎসাৰ বাবে যোৰহাট মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে।
Published by: Sanjay Kumar Das
First published: June 11, 2021, 3:55 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি