বাক্সাৰ মুছলপুৰত ভয়ংকৰ দুৰ্ঘটনা, বাইক–বলেৰ’ পিকআপ ভানৰ মুখামুখি সংঘৰ্ষ, এজন নিহত

News18 Assam | News18-Assam
Updated:October 18, 2020, 6:02 PM IST
বাক্সাৰ মুছলপুৰত ভয়ংকৰ দুৰ্ঘটনা, বাইক–বলেৰ’ পিকআপ ভানৰ মুখামুখি সংঘৰ্ষ, এজন নিহত
মৃত যুৱকজন শিমলা আৰক্ষী থানাৰ অন্তৰ্গত গোলাগাঁৱৰ ধৰ্মপুৰৰ ধৰ্মেশ্বৰ কছাৰী বুলি চিনাক্ত কৰা হৈছে যদিও আহত যুৱকজনৰ পৰিচয় জানিব পৰা হোৱা নাই৷

মৃত যুৱকজন শিমলা আৰক্ষী থানাৰ অন্তৰ্গত গোলাগাঁৱৰ ধৰ্মপুৰৰ ধৰ্মেশ্বৰ কছাৰী বুলি চিনাক্ত কৰা হৈছে যদিও আহত যুৱকজনৰ পৰিচয় জানিব পৰা হোৱা নাই৷

  • Share this:
বাক্সা জিলাৰ অঞ্চলীত আজি এক ভয়ানক দুৰ্ঘটনা সংঘটিত হয়৷ ভূটান সংযোগী ১২৭নং (ক) আন্তঃৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত দুৰ্ঘটনাটোত এজন নিহত হোৱাৰ বিপৰীতে আন এজন যুৱক গুৰুতৰভাৱে আহত হয়৷ মটৰ চাইকেল আৰু বলেৰ’ পিকআপ ভানৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনাটো৷

মৃত যুৱকজন শিমলা আৰক্ষী থানাৰ অন্তৰ্গত গোলাগাঁৱৰ ধৰ্মপুৰৰ ধৰ্মেশ্বৰ কছাৰী বুলি চিনাক্ত কৰা হৈছে যদিও আহত যুৱকজনৰ পৰিচয় জানিব পৰা হোৱা নাই৷ জানিব পৰা মতে, গোলাগাঁৱৰ মৃত ধৰ্মেশ্বৰ কছাৰীয়ে AS 28B 2221 নম্বৰৰ বাইকখনেৰে পাঠশালাৰ দিশৰ পৰা আহি থকা অৱস্থাত বিপৰীত দিশৰ পৰা আহি থকা AS 15P 4385 নম্বৰৰ বলেৰ’ পিক আপ ভেনখনৰ সৈতে মুখামুখি সংঘৰ্ষ হয় ৷ ফলত বাইক আৰোহী ধৰ্মেশ্বৰ কছাৰীয়ে থিতাতে মৃত্যুক আঁকোৱালি লোৱাৰ বিপৰীতে তেওঁৰ লগত থকা যুৱকজন গুৰুতৰভাৱে আহত হয়৷ পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আহত যুৱকজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ বিপৰীতে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰলৈ প্ৰেৰণ কৰে৷
Published by: Sanjay Kumar Das
First published: October 18, 2020, 6:02 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading