ডবকাত ভয়ংকৰ দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা চাৰিচকীয়া বাহনৰ, থিতাতে নিহত চালক 

News18 Assam | News18-Assam
Updated:October 20, 2020, 8:46 PM IST
ডবকাত ভয়ংকৰ দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা চাৰিচকীয়া বাহনৰ, থিতাতে নিহত চালক 
নিহত লোকজন কাৰ্বি আংলং জিলাৰ হাওৰাঘাট থানাৰ অন্তৰ্গত পাৰকুপ পাহাৰৰ চেমসিং লেথে (৪০) বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে।

নিহত লোকজন কাৰ্বি আংলং জিলাৰ হাওৰাঘাট থানাৰ অন্তৰ্গত পাৰকুপ পাহাৰৰ চেমসিং লেথে (৪০) বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে।

  • Share this:
ডবকাৰ শালবাগানত ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথত চাৰিচকীয়া বাহনে নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা মাৰাৰ ফলত এজনৰ মৃত্যু। আজি বিয়লিৰ  ভাগত হোজাইৰ অকাশীগংগা পহৰা চকীৰ অন্তৰ্গত শালবাগনত সংঘটিত হয় এই দুৰ্ঘটনা। নিহত লোকজন কাৰ্বি আংলং জিলাৰ হাওৰাঘাট থানাৰ অন্তৰ্গত পাৰকুপ পাহাৰৰ চেমসিং লেথে (৪০) বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে।

নিহত লোকজনে ব্যৱসায়িক কামত নগাঁৱৰ পৰা নিজ গৃহলৈ নিজৰ AS-01-AM-0666 নম্বৰৰ বাহনেৰে গৈ থকা সময়ত শালবাগানৰ আমতলাত পথৰ কাষত থকা এজোপা গছত তীব্ৰ বেগত আহি খুন্দা মৰাৰ ফলত লোকজনে থিতাতে নিহত হয়।

ঘটনাৰ খবৰ পাই অকাশীগংগা পহৰা চকীৰ বিষয়া নীলকমল সিংহই ততাতৈয়াকৈ লোকজনক বাহনখনৰ পৰা উদ্ধাৰ কৰি চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে লোকজনক মৃত বুলি ঘোষণা কৰে। আৰক্ষীয়ে তেওঁৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণৰ দিহা কৰে।
Published by: Sanjay Kumar Das
First published: October 20, 2020, 8:46 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading