• Home
  • »
  • News
  • »
  • assam
  • »
  • হোজাইৰ ডবকাত নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত ৰন্ধন গেছ কঢ়িওৱা ট্ৰাক, থিতাতে নিহত চালক 

হোজাইৰ ডবকাত নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত ৰন্ধন গেছ কঢ়িওৱা ট্ৰাক, থিতাতে নিহত চালক 

দুৰ্ঘটনাত থিতাতে  নিহত হোৱা চালকজনৰ নাম সুৰজ শৰ্মা বুলি জানিব পৰা গৈছে যদিও ঘৰৰ ঠিকনা উদ্ধাৰ হোৱা নাই।

  • Share this:
হোজাইৰ ডবকা আৰক্ষী থানাৰ অন্তৰ্গত মদাৰতলীত ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথত মাজনিশা ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাগ্ৰস্ত হয় এখন ৰন্ধন গেছ কঢ়িওৱা ট্ৰাক। এই দুৰ্ঘটনাত বাহনখনৰ চালক থিতাতে নিহত হোৱাৰ লগতে হেন্দিমেনজন গুৰুতৰভাৱে আহত হয়।

দুৰ্ঘটনাত থিতাতে  নিহত হোৱা চালকজনৰ নাম সুৰজ শৰ্মা বুলি জানিব পৰা গৈছে যদিও ঘৰৰ ঠিকনা উদ্ধাৰ হোৱা নাই। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা হেণ্ডিমেন সন্দীপ চেত্ৰীক ডবকা আৰক্ষীয়ে উদ্ধাৰ কৰি ভৰ্তি কৰিছে চিকিৎসালয়ত।

আহত সন্দীপ চেত্ৰীৰ ঘৰ কামৰূপত বুলি জানিব পৰা গৈছে। সুৰাপান কৰি গাড়ী চলোৱাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে। দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ  MN-04P-1053।
Published by:Sanjay Kumar Das
First published: