உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Bongaigaon Accident : অভয়াপুৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, ট্ৰাকৰ চেপাত প্ৰাণ গ’ল স্কুটী আৰোহীৰ

    Bongaigaon Accident : অভয়াপুৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, ট্ৰাকৰ চেপাত প্ৰাণ গ’ল স্কুটী আৰোহীৰ

    আনগৰাকী স্কুটী আৰোহী সৌভাগ্যক্ৰমে ৰক্ষা পৰে বুলি জানিব পৰা গৈছে। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলী এৰি পলায়ন কৰে ট্ৰাক চালকজন৷

    • Share this:
    অভয়াপুৰীৰ সোণাখুলিত নিশা পথ দুৰ্ঘটনা৷ ইটা কঢ়িওৱা ট্ৰাকে মহতিয়াই নিয়ে এজন লোকক। থিতাতে নিহত হয় বাইক আৰোহী লোকজন৷ নিহত লোকজন উত্তৰ শালমাৰা  উজানপাৰাৰ শিৱচৰণ ৰায় বুলি জানিব পৰা গৈছে৷ সৃজনগ্ৰামৰ চুকানী গাঁৱৰ পৰা এগৰাকী ব্যক্তিৰ সৈতে স্কুটীত নিজ ঘৰলৈ গৈ আছিল দুয়ো৷ টৰটৰীয়া পাহাৰৰ নামনিত বিপৰীত দিশৰ পৰা ট্ৰাক এখন অহাৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে দুই স্কুটী আৰোহী৷ দুৰ্ঘটনাটোত পিছত বহি থকা শিৱচৰণ ৰায় পথৰ ওপৰত বাগৰি পৰাত ট্ৰাকে মহতিয়াই নিয়ে৷ ফলত থিতাতে নিহত হয় শিৱচৰণ ৰায়। আনগৰাকী স্কুটী আৰোহী সৌভাগ্যক্ৰমে ৰক্ষা পৰে বুলি জানিব পৰা গৈছে। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলী এৰি পলায়ন কৰে ট্ৰাক চালকজন৷ দুৰ্ঘটনাৰ পিছতেই ঘটনাস্থলীত বৰঘোলা আৰক্ষী উপস্থিত হৈছে।
    Published by:Sanjay Kumar Das
    First published: