• Home
  • »
  • News
  • »
  • assam
  • »
  • ‍Bokakhat Road Accident : বোকাখাতৰ লখৌজানত পথ দুৰ্ঘটনাত কৰুণ মৃত্যু এজনৰ, আহত ১

‍Bokakhat Road Accident : বোকাখাতৰ লখৌজানত পথ দুৰ্ঘটনাত কৰুণ মৃত্যু এজনৰ, আহত ১

প্ৰতীকী ফটো

প্ৰতীকী ফটো

দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা মালবাহী বাহনখনৰ সন্ধানত বোকাখাত যানবাহন আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।

  • Share this:
বুধবাৰে বিয়লি বোকাখাতৰ লখৌজানত এক পথ দুৰ্ঘটনা সংঘটিত হয়৷ এখন অচিনাক্ত মালবাহী বাহনে পিছফালৰ পৰা খুন্দিওৱাত AS 03 AA 8372 নম্বৰৰ পালছাৰ বাইকত গৈ থকা দুই আৰোহীৰ এগৰাকী নিহত হোৱাৰ লগতে আনগৰাকী আহত হয়।

জানিব পৰা মতে, বাইক আৰোহী বলেন ভূমিজ (৩১) আৰু বিজু ভূমিজে (১২) নুমলীগড় তেলগৰমৰ আইতাকৰ ঘৰলৈ গৈ থকা অৱস্থাত বোকাখাতৰ লখৌজানত ৩৭নং ঘাইপথত এখন অচিনাক্ত মালবাহী বাহনে খুন্দিয়াই থৈ যায়৷ থিতাতে নিহত হয় যোৰহাট সৰুচৰাইৰ বিজু ভূমিজ৷

দুয়োগৰাকী আৰোহীকে বোকাখাত যানবাহন আৰক্ষীয়ে উদ্ধাৰ কৰি বোকাখাত চিকিৎসালয়লৈ নিয়ে৷ ইতিমধ্যে নিহত বিজু ভূমিজৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে৷ ইফালে দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা মালবাহী বাহনখনৰ সন্ধানত বোকাখাত যানবাহন আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি