ৰঙিয়াত কোভিড–১৯ত আক্ৰান্ত হৈ এজনৰ মৃত্যু

News18 Assam | News18-Assam
Updated:May 5, 2021, 11:49 AM IST
ৰঙিয়াত কোভিড–১৯ত আক্ৰান্ত হৈ এজনৰ মৃত্যু
সোমবাৰে কুশল চৌধুৰীয়ে কোভিড পৰীক্ষা কৰাত ধৰা পৰিছিল কভিড-১৯ৰ অৱস্থিতি।

সোমবাৰে কুশল চৌধুৰীয়ে কোভিড পৰীক্ষা কৰাত ধৰা পৰিছিল কভিড-১৯ৰ অৱস্থিতি।

  • Share this:
ৰঙিয়াত কোভিডত আক্ৰান্ত হৈ এজনৰ মৃত্যু। আতংকময় পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ ৰঙিয়াত। মঙলবাৰে চিকিৎসালয়ত মৃত্যু হয় কোভিড আক্ৰান্ত লোকজনৰ। মৃত্যু হোৱা লোক লোকজন হৈছে ৰঙিয়াৰ বনগাঁৱৰ কুশল চৌধুৰী (৫৪)।

সোমবাৰে কুশল চৌধুৰীয়ে কোভিড পৰীক্ষা কৰাত ধৰা পৰিছিল কভিড-১৯ৰ অৱস্থিতি। লোকজনে নিজ বাসগৃহতে আইছ'লেচনত থাকে যদিও মঙলবাৰে স্বাস্থ্যৰ অধিক অৱনতি ঘটে। লগে লগে ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়লৈ আনে যদিও লোকজনৰ মৃত্যু হয়। ৰঙিয়াত কোভিডৰ দ্বিতীয় ঢৌত লোকজনৰ মৃত্যু হোৱাত সমগ্ৰ ৰঙিয়াত আতংকময় পৰিৱেশে বিৰাজ কৰিছে।
Published by: Sanjay Kumar Das
First published: May 5, 2021, 11:49 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি