পথ দূৰ্ঘটনাটোত থিতাতে নিহত হয় এজন।নিহত ব্যক্তি জন ৰহাৰ দিঘলদৰীৰ ৰিংকুমনি নাথ।
পথ দূৰ্ঘটনাটোত থিতাতে নিহত হয় এজন।নিহত ব্যক্তি জন ৰহাৰ দিঘলদৰীৰ ৰিংকুমনি নাথ।
নগাঁৱৰ ৰহাত পুৱতিনিশা সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। জাগীৰোডৰ দিশৰ পৰা নগাঁও অভিমুখে আহি থকা এখন বলেৰ’ পিকআপ বাহনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত ৰৈ থকা এখন ট্ৰাকত প্ৰচণ্ড গতিত খুন্দা মাৰে। ফলত ঘটনাস্থলীতে নিহত হয় বলেৰ’ পিকআপ বাহনখনত থকা এজন লোক।
পুৱতিনিশা AS 02BC 8892 নম্বৰৰ বলেৰ’ পিকআপ বাহনখন জাগীৰোডৰ দিশৰ পৰা নগাঁও অভিমুখে আহি আছিল। সেই সময়তে নিয়ন্ত্ৰণ হেৰুৱাই বাহনখনে খুন্দা মাৰে পথৰ দাঁতিত ৰৈ থকা AS 01JC 9214 নম্বৰৰ এখন ট্ৰাকত।
এই দুৰ্ঘটনাত থিতাতে নিহত হয় বলেৰ’ পিকআপ বাহনখনৰ যাত্ৰী ৰিংকুমণি নাথ। নিহত লোকজনৰ ঘৰ ৰহাৰ দীঘলদৰিত বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। দুয়োখন বাহন জব্দ কৰিছে আৰক্ষীয়ে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|