உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • কুসুম এদিন আহিব! ১৫ বছৰ পূৰ্বেই আলফাত যোগ দিয়া জীয়ৰী ঘৰলৈ ঘূৰি আহিব বুলি বাটৰ মুখলৈ চাই দিন পাৰ কৰিছে এইগৰাকী ৮০ বছৰীয়া মহিলাই

    কুসুম এদিন আহিব! ১৫ বছৰ পূৰ্বেই আলফাত যোগ দিয়া জীয়ৰী ঘৰলৈ ঘূৰি আহিব বুলি বাটৰ মুখলৈ চাই দিন পাৰ কৰিছে এইগৰাকী ৮০ বছৰীয়া মহিলাই

    পোন্ধৰ বছৰ ধৰি নিজ কন্যাক তথা আলফা(স্বা:)ৰ সদস্যা ক দেখাৰ আশাত ৰৈ আছে সোণাৰিৰ এগৰাকী আইতা।

    পোন্ধৰ বছৰ ধৰি নিজ কন্যাক তথা আলফা(স্বা:)ৰ সদস্যা ক দেখাৰ আশাত ৰৈ আছে সোণাৰিৰ এগৰাকী আইতা।

    পোন্ধৰ বছৰ ধৰি নিজ কন্যাক তথা আলফা(স্বা:)ৰ সদস্যা ক দেখাৰ আশাত ৰৈ আছে সোণাৰিৰ এগৰাকী আইতা।

    • Share this:
    চৰাইদেউ জিলাৰ সোণাৰিৰ চিংলোপথাৰস্থিত ঘৰৰ পৰা ২০০৭ চনতে কুসুম গগৈ নামৰ এগৰাকী যুৱতী ওলাই গৈছিল সশস্ত্ৰ বিপ্লৱৰ বাবে। তাৰ পিছত আৰু কোনো দিনেই ঘৰলৈ অহা নাই কুসুম গগৈ। নিজ কন্যা ক'ত আছে, কেনেকৈ আছে তাৰো খবৰ আজিলৈকে নাপালে কুসুমৰ ৮০ বছৰীয়া মাতৃয়ে।

    ইফালে কন্যাক চাবলৈ অধীৰ আগ্ৰহেৰে ৰৈ থকা আইতাই কেতিয়াবা চাওঁ বুলি চাবলৈ ঘৰত জীয়ৰীৰ ফটো এখনো নথকা বুলি কৈ আক্ষেপ প্ৰকাশ কৰে সাংবাদিকৰ আগত। এটা জৰাজীৰ্ণ ঘৰত বাস কৰা ৰোগীয়া আইতাগৰাকীয়ে শেহতীয়াকৈ এটা চৰকাৰী গৃহ লাভ কৰিছে যদিও এসাঁজ ভালকৈ খাবলৈও অভাৱৰ সন্মুখীন হৈ আহিছে বহু দিনৰ পৰাই।



    মন কৰিবলগীয়া যে, নগালেণ্ডত সংঘটিত এক সংঘৰ্ষত কেইমাহমান পূৰ্বে আলফা স্বাধীনৰ দুধৰ্ষ সদস্যা কুসুম গগৈ নিহত হোৱা বুলি শেহতীয়াকৈ চৰ্চা চলি আহিছে যদিও এই কথা একেবাৰেই গম নাপায় আইতাগৰাকীয়ে।
    Published by:Himangshu Bhuyan
    First published: