মুখ্যপৃষ্ঠা »খবৰ »অসম »নাৰী দিৱস উপলক্ষে Sang Chalৰ উদ্যোগত এদিনীয়া‌‌ চেলফ‌ ডিফেঞ্চ কৰ্মশালা

নাৰী দিৱস উপলক্ষে Sang Chalৰ উদ্যোগত এদিনীয়া‌‌ চেলফ‌ ডিফেঞ্চ কৰ্মশালা

Sang Chal ৰ সভানেত্ৰী সুচৰিতা ধৰে এই সন্দৰ্ভত 'Not Alone’ নামেৰে অভিযান আৰম্ভ কৰা বুলি জানিবলৈ দিয়ে। ইয়াৰ জৰিয়তে এই সংগঠনে যিকোনো ধৰণৰ হিংসাৰ বলি হোৱা মহিলাৰ কাষত থিয় দিব। 

Sang Chal ৰ সভানেত্ৰী সুচৰিতা ধৰে এই সন্দৰ্ভত 'Not Alone’ নামেৰে অভিযান আৰম্ভ কৰা বুলি জানিবলৈ দিয়ে। ইয়াৰ জৰিয়তে এই সংগঠনে যিকোনো ধৰণৰ হিংসাৰ বলি হোৱা মহিলাৰ কাষত থিয় দিব। 

Sang Chal ৰ সভানেত্ৰী সুচৰিতা ধৰে এই সন্দৰ্ভত 'Not Alone’ নামেৰে অভিযান আৰম্ভ কৰা বুলি জানিবলৈ দিয়ে। ইয়াৰ জৰিয়তে এই সংগঠনে যিকোনো ধৰণৰ হিংসাৰ বলি হোৱা মহিলাৰ কাষত থিয় দিব। 

  • Share this:
শিলচৰ, ১০ মাৰ্চ: আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে Sang Chal (মিলাপ)ৰ উদ্যোগত শিলচৰত এদিনীয়া‌‌ আত্ম প্ৰতিৰক্ষামূলক এক কৰ্মশালা অনুষ্ঠিত কৰা হয়। ‘Not Alone’ ৰ অংশ হিচাপে বৃহস্পতিবাৰে আয়োজন কৰা এই কৰ্মশালাত প্ৰায় ৫০ গৰাকীতকৈ অধিক মহিলাই অংশগ্ৰহণ কৰে।

ওম ছাই জিমৰ আন্তঃৰাষ্ট্ৰীয় মাৰ্শ্বিয়েল আৰ্ট প্ৰশিক্ষক ছাগ্নিক গুপ্তাৰ তত্বাৱধানত এই কৰ্মশালাখন অনুষ্ঠিত হয়। প্ৰশিক্ষক ছাগ্নিক গুপ্তাই বিভিন্ন বয়সৰ মহিলাক হঠাতে হোৱা শাৰীৰিক আক্ৰমণ কেনেকৈ প্ৰতিহত কৰিব লাগে, প্ৰতিদ্বন্দ্বীক দুৰ্বল কৰাৰ কিছুমান স্মাৰ্ট ষ্টেপ আৰু বিপদজনক পৰিস্থিতিৰ পৰা নিজকে ৰক্ষা কৰাৰ কৌশল প্ৰদান কৰে।

Sang Chal ৰ সভানেত্ৰী সুচৰিতা ধৰে এই সন্দৰ্ভত 'Not Alone’ নামেৰে অভিযান আৰম্ভ কৰা বুলি জানিবলৈ দিয়ে। ইয়াৰ জৰিয়তে এই সংগঠনে যিকোনো ধৰণৰ হিংসাৰ বলি হোৱা মহিলাৰ কাষত থিয় দিব। লগতে তেওঁ কয় যে মহিলাসকলে নিজৰ সন্মান আৰু গৌৰৱৰ বাবে স্বাধীনভাৱে জীয়াই থকাৰ প্ৰয়োজন।

সেয়েহে প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ৰ সকলো মহিলাৰ বাবে শাৰীৰিক আৰু মানসিক প্ৰশিক্ষণ বাধ্যতামূলক কৰিবলৈ চৰকাৰক তেওঁ অনুৰোধ জনায়। সংগঠনটোৱে মহিলা সবলীকৰণৰ ক্ষেত্ৰত ইজনে সিজনক সহযোগিতা আগবঢ়োৱা সকলো মহিলা আৰু পুৰুষকো অভিনন্দন জ্ঞাপন কৰে।

নাৰী দিৱসৰ দিনটোত তাৰাপুৰ থানাৰ লেডী কনিষ্টবল লাকী নাথ, যি এগৰাকী ফুটবল খেলুৱৈও আছিল, ৰুথী আইমল যি এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ মাৰ্শ্বিয়েল আৰ্ট চেম্পিয়ন আৰু ৰাজ্যিক পৰ্যায়ৰ কিক বক্সাৰ, শুভ্ৰা ঘোষ যিয়ে ৫৮ বছৰ বয়সত নিজাকৈ কাপোৰৰ ব্ৰেণ্ড আৰম্ভ কৰিছিল, লাইফলাইন ফাউণ্ডেশ্যনৰ সাধাৰণ সম্পাদিকা ১০৮ ৰ একমাত্ৰ মহিলা চিকিৎসা জৰুৰীকালীন প্ৰতিনিধি পল্লবিতা শৰ্মাক সংস্থাটোৱে সম্বৰ্ধনা জনায়।

লগতে বৰাক ভেলী ডেভেলপমেণ্ট ৱেলফেয়াৰ এছ’চিয়েশ্যন, দৃষ্টি সন্থা আৰু প্ৰচেষ্টা এন জি অ’ আদি  সংগঠনকো সন্মান জনোৱা হয়। আনহাতে, সংগঠনটোৱে মহিলাৰ উন্নয়নৰ বাবে আগবাঢ়ি অহা ছাগ্নিক গুপ্তা, গৌৰৱ চন্দ আৰু জয়দীপ চক্ৰৱৰ্তীকো সম্বৰ্ধনা আৰু ধন্যবাদ জ্ঞাপন কৰে। ইফালে Sang Chalৰ উপ-সভাপতি ঝাংকাৰ পালে কয় যে শেহতীয়াকৈ ‘টিচ‌ ফৰ নৰ্থ ইষ্ট' নামৰ আন এক অভিযান আৰম্ভ কৰা হৈছে ।

ইয়াৰ জৰিয়তে আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীসকলক Spoken English আৰু Moral Science শিকোৱা হ’ব। ইয়াৰ ফলত লিংগ উভয়ৰে সবলীকৰণ আৰু শিক্ষাৰ দ্বাৰা লিংগ বৈষম্য দূৰ হ’ব।

শেহতীয়া বাতৰি