কোৰোণাত আক্ৰান্ত হৈ মৃত্যু গুৱাহাটীৰ হেমাংগ মজুমদাৰ নামৰ এজন লোকৰ, মুঠ মৃত্যুৰ সংখ্যা ১১ জনলৈ বৃদ্ধি

News18 Assam | News18-Assam
Updated:June 28, 2020, 8:33 PM IST
কোৰোণাত আক্ৰান্ত হৈ মৃত্যু গুৱাহাটীৰ হেমাংগ মজুমদাৰ নামৰ এজন লোকৰ, মুঠ মৃত্যুৰ সংখ্যা ১১ জনলৈ বৃদ্ধি

  • Share this:
কোৰোণাত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লৈছে গুৱাহাটীৰ খানাপাৰাৰ এখন লোকে। লোকজনৰ নাম হেমাংগ মজুমদাৰ। বয়স মাত্ৰ ৪৫ বছৰ। ইতিমধ্যে এই কথা টুইটাৰযোগে জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গুৱাহাটী চিকিত্‍সা মহাবিদ্যালয়ত মৃত্যুক সাৱটি লৈছে হেমাংগ মজুমদাৰে। ইয়াৰ লগে লগে ৰাজ্যত কোৰোণাত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লোৱা লোকৰ সংখ্যা ১১ জনলৈ বৃদ্ধি পালে।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনোৱা মতে, লোকজনক সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হৈছিল গুৱাহাটী চিকিত্‍সা মহাবিদ্যালয়ত। চিকিত্‍সকৰ প্ৰচেষ্টাৰ পিছতো অৱশেষত মৃত্যুক আকোৱালি লয় লোকজনে।
First published: June 28, 2020, 8:33 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading