‘ফৰেইন ট্ৰিপ’ৰ টোপ কোনে দিলে বৰষাৰাণীক? ছচিয়েল মিডিয়াত কাক গুলীওৱাৰ হুমকি বৰষাৰ?

এগৰাকী মহিলাই বৰষাক দিলে ব্যৱসায়ীৰ সৈতে বিদেশ ভ্ৰমণৰ প্ৰস্তাৱ।

News18-Assam
Updated:October 19, 2019, 8:58 PM IST
‘ফৰেইন ট্ৰিপ’ৰ টোপ কোনে দিলে বৰষাৰাণীক? ছচিয়েল মিডিয়াত কাক গুলীওৱাৰ হুমকি বৰষাৰ?
এগৰাকী মহিলাই বৰষাক দিলে ব্যৱসায়ীৰ সৈতে বিদেশ ভ্ৰমণৰ প্ৰস্তাৱ।
News18-Assam
Updated: October 19, 2019, 8:58 PM IST
অভব্য আচৰণক লৈ  বৰষা ৰাণী বিষয়াৰ এটা ফেচবুক প’ষ্টে জোকাৰিছে সমগ্ৰ ৰাজ্য। বৰষাৰাণী বিষয়াক অভব্য ইংগিত প্ৰদান কৰি বিদেশ ভ্ৰমণৰ প্ৰস্তাৱ দিলে অসমৰ এগৰাকী হিন্দী ভাষী ব্যৱসায়ীয়ে। এগৰাকী ফেশ্বন ডিজাইনাৰৰ জৰিয়তে বৰষাক দিয়া হৈছে এই প্ৰস্তাৱ।

প্ৰথমে  ডিজাইনাৰ গৰাকীয়ে Whatsapp ৰ জৰিয়তে যোগাযোগ কৰে অভিনেত্ৰীগৰাকীক। ডিজাইনাৰগৰাকীয়ে কয়  যে, ‘এটা অনুষ্ঠান আয়োজন কৰিবলৈ ‘Sponsorship’ বিচৰাটো কিমান কষ্টকৰ, এগৰাকী ব্যক্তিয়ে আপোনাক বৰ ভাল পায়, যদি আপুনি মান্তি হয়, তেন্তে ব্যক্তিজনে আপোনাক এটা ‘ফৰেইন ট্ৰিপ’ দিব। মানুহজন এজন অত্যন্ত ধনবান লোক, উত্তৰ ভাৰতীয় লোকজন অসমৰ এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী।’ আপুনি যদি তেখেতৰ প্ৰস্তাৱক সন্মতি জনাই, তেন্তে আমাৰ  ‘Sponsorship’ পাবলৈ সুবিধা হ’ব।’



এনেদৰে শালীনতাৰ সকলো সীমা চেৰাই বৰষাৰাণীৰ দৰে এগৰাকী প্ৰতিষ্ঠিত অভিনেত্ৰীক, পাবত গজা ফেশ্বন ডিজাইনাৰ গৰাকীয়ে মধ্যস্থতাকাৰীৰ ভুমিকা পালন কৰি দিয়া অভব্য প্ৰস্তাৱৰ বিষয়ে বৰষাই ফেচবুকত প’ষ্ট দিয়াৰ পিছতে উদঙাই দিছে উদ্যোগটোৰ সৈতে জৰিত একাংশৰ প্ৰকৃত স্বৰূপ।



নিজক ফেশ্বন ডিজাইনাৰ বুলি পৰিচয় দিয়া মহিলা গৰাকীৰ এনে সাহস দেখি হতবাক হৈ পৰিছে অভিনেত্ৰীগৰাকী। নাম কোৱাৰ পৰা বিৰত থাকিলেও, খঙৰ ভমকত অভিনেত্ৰীগৰাকীয়ে ফেচবুক প’ষ্টটোত লিখে যে, ‘ হাতত এটা বন্দুক থকা হেতেন তেওঁক মই গুলীয়াই দিলো হেতেন। কিদৰে এগৰাকী নাৰীয়ে এন্য এগৰাকী নাৰীক এনে ধৰণৰ কথা ক’ব পাৰে!’
আৰু চাওক পৰৱৰ্তী বাতৰি