গোলাঘাটত পঞ্চায়ত সভানেত্ৰীৰ ঘৰলৈ গুলীচালনা, বিধায়ক মৃণাল শইকীয়াৰ ঘনিষ্ঠক গ্ৰেপ্তাৰ

News18 Assam | News18-Assam
Updated:January 7, 2020, 11:35 AM IST
গোলাঘাটত পঞ্চায়ত সভানেত্ৰীৰ ঘৰলৈ গুলীচালনা, বিধায়ক মৃণাল শইকীয়াৰ ঘনিষ্ঠক গ্ৰেপ্তাৰ
২ জানুৱাৰীত ঢেকীয়াল পঞ্চায়তৰ সভানেত্ৰী ৰূপা ৰাজখোৱাৰ ঘৰলৈ লক্ষ্য কৰি কৰিছিল ধাৰাসাৰ গুলীবৰ্ষণ।

২ জানুৱাৰীত ঢেকীয়াল পঞ্চায়তৰ সভানেত্ৰী ৰূপা ৰাজখোৱাৰ ঘৰলৈ লক্ষ্য কৰি কৰিছিল ধাৰাসাৰ গুলীবৰ্ষণ।

  • Share this:
অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে পঞ্চায়ত সভানেত্ৰীৰ ঘৰলৈ গুলীচালনা কৰা ঘটনাত জড়িত ৰোহিনী গগৈক। গোলাঘাট আৰক্ষীয়ে নিশা গ্ৰেপ্তাৰ কৰে ৰোহিনী গগৈক। ২ জানুৱাৰীত ঢেকীয়াল পঞ্চায়তৰ সভানেত্ৰী ৰূপা ৰাজখোৱাৰ ঘৰলৈ লক্ষ্য কৰি কৰিছিল ধাৰাসাৰ গুলীবৰ্ষণ। পঞ্চায়ত সভানেত্ৰীগৰাকীৰ ঘৰলৈ অহা বিনয় বৰুৱা নামৰ লোকজনৰ বাহনলৈও কৰিছিল গুলীচালনা। ধৃত ৰোহিনী গগৈ বিধায়ক মৃণাল শইকীয়াৰ ঘণিষ্ঠ। ৰূপা ৰাজখোৱাৰ গৃহৰ সন্মুখত ৰখাই থৈছিল বাহনখন।
আৰু চাওক
পৰৱৰ্তী বাতৰি