মহানগৰীৰ পাঞ্জাবাৰীত দিনদুপৰতে ধনলুট কৰিবলৈ অহা দুৰ্বৃত্তই ৰঞ্জিত বৰা নামৰ এগৰাকী লোকক গুলীয়াই হত্যা কৰা সন্দৰ্ভত আজি মৰিগাঁওৰ পৰা এজন যুৱকক আটক কৰা হৈছে।
হত্যাকাণ্ডৰে জড়িতৰ সন্দেহত আটক কৰা যুৱকজন জনৈক আলী বুলি জানিব পৰা গৈছে। আলী পাঞ্জাবাৰীৰ বাসিন্দা যদিও তেওঁ শহুৰেকৰ ঘৰ মৰিগাঁওত থকা অৱস্থাতে আটক কৰা হয়। ডিচিপি সুধাকৰ সিঙৰ নিৰ্দেশ মৰ্মে মৰিগাঁও সদৰ থানাৰ আৰক্ষীৰ দল এটাই আজি আবেলি মৰিগাঁও চহৰৰ উপকণ্ঠ এক অঞ্চলৰ পৰা আটক কৰে আলীক।
চহৰখনৰ উপকণ্ঠ দলবাৰীৰ শহুৰেকৰ ঘৰত প্ৰথমে অভিযান চলায় আৰক্ষীয়ে । শহুৰেকৰ ঘৰত সেই সময়ত নাছিল। পিছত শহুৰেকৰ ঘৰৰ সমীপৱৰ্তী এক স্থানৰ পৰা আটক কৰা হয় তেওঁক। নিজৰ জিম্মাত লোৱাৰ উদ্দেশ্যে ইতিমধ্যে দিছপুৰ থানাৰ আৰক্ষীৰ দল এটা ৰাওনা হৈছে মৰিগাঁৱলৈ।
ৰঞ্জিত বৰাৰ হত্যাকাণ্ডৰে আলী জড়িত হয় নে নহয় তাক লৈ কোনো নিশ্চিত তথ্য এতিয়ালৈ পোৱা হোৱা নাই যদিও আৰক্ষীয়ে তদন্তৰ ভিত্তিত কৰা সন্দেহ অনুসৰি আটক কৰি জেৰা অব্যাহত ৰাখিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।