• Home
  • »
  • News
  • »
  • assam
  • »
  • Chirang Firing Case : চিৰাঙত ৬০ বছৰৰ ঊৰ্ধ্বৰ বৃদ্ধালৈ গুলীচালনাত জড়িত এজনক গ্ৰেপ্তাৰ

Chirang Firing Case : চিৰাঙত ৬০ বছৰৰ ঊৰ্ধ্বৰ বৃদ্ধালৈ গুলীচালনাত জড়িত এজনক গ্ৰেপ্তাৰ

ডাইনী সন্দেহত চিৰাঙত বৃদ্ধাক গুলীয়াই হত্যা কৰা হৈছিল 

ডাইনী সন্দেহত চিৰাঙত বৃদ্ধাক গুলীয়াই হত্যা কৰা হৈছিল 

ডাইনী সন্দেহত চিৰাঙত বৃদ্ধাক গুলীয়াই হত্যা কৰা হৈছিল 

  • Share this:

চিৰাং জিলাৰ পাণবাৰী আৰক্ষী থানাৰ অন্তৰ্গত এন চি কাহিতামা বৈগৰিগুৰিত বিগত  ১১ নৱেম্বৰৰ সন্ধিয়া ষাঠিৰ ঊৰ্ধ্বৰ এগৰাকী মহিলাক গুলীয়াই হত্যা কৰা ঘটনাৰ স'তে জড়িত হত্যাকাৰী এজন যুৱকক চিৰাং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷


গুলীচালনাত ৬০ বছৰৰ ঊৰ্ধ্বৰ বৃদ্ধা অন্থৰ বড়ো নিহত হৈছিল ৷ বৃদ্ধাগৰাকীক নিজ ঘৰতে অন্ধকাৰৰ সুযোগ লৈ গুলীচালনা কৰিছিল দুৰ্বৃত্তই। ঘটনা সন্দৰ্ভত পাণবাৰী থানাত ৭০/২০২২ নম্বৰত এক গোচৰ পঞ্জীয়ন কৰা হয় ৷


চিৰাং আৰক্ষীয়ে গোচৰটো সন্দৰ্ভত তদন্ত অব্যাহত ৰাখে আৰু অৱশেষত ১৩ নৱেম্বৰৰ নিশা ঘটনাটোৰ স'তে জড়িত ২৫ বছৰীয়া গজেন দৈমাৰী নামৰ  যুৱকজনক গ্ৰেপ্তাৰ কৰে ৷


আজি সন্ধিয়া চিৰাং জিলাৰ সদৰ কাজলগাঁওস্থিত আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত অনুষ্ঠিত কৰা এখন সংবাদ মেলত চিৰাঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধিয়ে প্ৰকাশ কৰা মতে, সিদিনা ডাইনী সন্দেহত অভিযুক্ত যুৱকজনে দেশীয় পিষ্টলেৰে বৃদ্ধাগৰাকীক গুলীয়াই পলায়ন কৰিছিল ৷ হত্যাত জড়িত গজেন দৈমাৰীৰ ঘৰ এন চি কাহিতামা বৈগৰিগুৰীতে ৷ ইতিমধ্য ধৃত যুৱকজনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে।

Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি