তিনিচুকীয়া মাকুমত নৃংশসভাৱে হত্যা কৰা অসমৰ আৰক্ষীৰ কমাণ্ডো গিৰীশ দত্তৰ হত্যাকাণ্ডৰ লগত জড়িত এজন লোকক গ্ৰেপ্তাৰ। ধৃত লোকজনৰ নাম মিন্টু চুতীয়া। বাৰেকুৰি বৰগাঁৱৰপৰা গ্ৰেপ্তাৰ কৰে তিনিচুকীয়া আৰক্ষীয়ে।
দেওবাৰে নিশা তিনিচুকীয়াৰ মাকুমত কমাণ্ডোজনক ঘপিয়াই হত্যা কৰিছিল দুৰ্বৃত্তই। ঘৰলৈ ওভতা পথতে নৃশংসভাৱে হত্যা কৰিছিল কমাণ্ডোজনক। নিশা সাংস্কৃতিক কাৰ্যসূচীৰ পৰা ঘৰলৈ গৈ থাকোতে কমাণ্ডোজনক আদবাটতে আগচি ধৰি হত্যা কৰিছিল।
Published by: Dulu Medhi
FIRST PUBLISHED : June 04, 2019, 13:51 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।