পৃথিৱীৰ আটাইতকৈ বয়সীয়াল হাতীটোৰ ৰাজকীয় জীৱনশৈলী, ক'ত কি কৰি আছে বিজুলীপ্ৰসাদে?

"প্ৰায় আঠ বছৰ পূৰ্বে বিজুলীপ্ৰসাদৰ স্বাস্থ্যৰ অৱস্থা হঠাৎ সঙ্কটজনক হৈ পৰিছিল । মানুহে বিজুলীৰ আশা এৰি দিছিল । সাধাৰণতে হাতীৰ শেষৰ দুটা দাঁত গজে 44 বছৰ বয়সত । কিন্তু বিজুলীৰ সেই দুটা দাঁত নষ্ট হৈ যোৱা বাবে খাদ্য খোৱাত সমস্যাৰ সৃষ্টি হৈছিল । বিজুলীৰ খাদ্য হজম কৰাৰ ক্ষেত্ৰত জটিলতাই দেখা দিছিল আৰু অসুস্থ হৈ পৰিছিল । কিন্তু বিজুলীয়ে আমাৰ চিকিৎসা তথা প্ৰচেষ্টাৰ প্ৰতি সহাৰি জনালে আৰু চাৰি দিনৰ ভিতৰতে সুস্থ হৈ খোজ কাঢ়িব পৰা হৈ উঠিল । বিজুলীয়ে মৃত্যুক জয় কৰিবলৈ সক্ষম হল। "
"প্ৰায় আঠ বছৰ পূৰ্বে বিজুলীপ্ৰসাদৰ স্বাস্থ্যৰ অৱস্থা হঠাৎ সঙ্কটজনক হৈ পৰিছিল । মানুহে বিজুলীৰ আশা এৰি দিছিল । সাধাৰণতে হাতীৰ শেষৰ দুটা দাঁত গজে 44 বছৰ বয়সত । কিন্তু বিজুলীৰ সেই দুটা দাঁত নষ্ট হৈ যোৱা বাবে খাদ্য খোৱাত সমস্যাৰ সৃষ্টি হৈছিল । বিজুলীৰ খাদ্য হজম কৰাৰ ক্ষেত্ৰত জটিলতাই দেখা দিছিল আৰু অসুস্থ হৈ পৰিছিল । কিন্তু বিজুলীয়ে আমাৰ চিকিৎসা তথা প্ৰচেষ্টাৰ প্ৰতি সহাৰি জনালে আৰু চাৰি দিনৰ ভিতৰতে সুস্থ হৈ খোজ কাঢ়িব পৰা হৈ উঠিল । বিজুলীয়ে মৃত্যুক জয় কৰিবলৈ সক্ষম হল। "
- News18 Assam
- Last Updated: August 12, 2020, 4:31 PM IST
"হাতীৰ চিকিৎসক" বুলি সমগ্ৰ অসমতে জনপ্ৰিয় ডা: কুশল কোৱৰ শৰ্মাই আৰু কয় । ডা: শৰ্মা হ’ল খানাপৰা স্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ শল্য চিকিৎসা আৰু ৰেডিঅ'লজি বিভাগৰ মূৰব্বী অধ্যাপক । ডাঃ শৰ্মাই ইণ্ডোনেচিয়া আৰু ভাৰতত হাতীৰ ওপৰত বহু কাম কৰিছে । অসমৰ মেগৰ চাহ বাগিচালৈ বিজুলী প্ৰসাদক অনাৰ সময়তে হাতীটোৰ গৰাকী ইংলেণ্ডৰ অলিভাৰ চাহাবে ৰীতি নীতি অনুসৰি এই নাম ৰাখিছিল ।
আন বহু হাতীততকৈ পৃথক হয় বিজুলীপ্ৰসাদ যি আজিৰ তাৰিখটো নিজৰ অস্তিত্ব জাহিৰ কৰি থাকিবলৈ সক্ষম হৈছে । এগৰাকী বিশেষ সদস্য হিচাবে গণ্য কৰা বিজুলীপ্ৰসাদ বৰ্তমান মেগৰ গ্ৰুপৰ শোনিতপুৰ স্থিত বিহালী চাহ বাগিচাত এক ৰাজকীয় জীৱন পাৰ কৰি আছে । সেউজীয়া চাহ বাগিচাৰ মাজেৰে গুৰুগম্ভীৰ খোজেৰে এক ৰাজকীয় কায়দাত নিজৰ অতিকায় শৰীৰটোক লৈ বিচৰণ কৰি থকা অৱস্থাত দেখা পোৱা যায় এই মতা হাতীটোক । ১৯৬৮ চনত শোণিতপুৰৰ বৰগাং চাহ কোম্পানীয়ে এই হাতীটো কিনিছিল চাহ বাগিচাৰ পুৰণি চাহ গছবোৰ উঘালিবৰ বাবে।
অৱসৰৰ পিছৰ সময়খিনি বিজুলীপ্ৰসাদৰ ভালদৰে পাৰ হৈছিল । বাগিচাৰ মেনেজমেণ্টে পে’ ৰোল অনুসৰি বিজুলীৰ পৰিচৰ্যাৰ বাবে দুজন লোকক নিয়োগ কৰিছিল । প্ৰতি সপ্তাহতে বিজুলীৰ স্বাস্থ্য আৰু ওজন পৰীক্ষা কৰা হৈছিল । লগতে বিজুলীক পুৱা , দুপৰীয়া আৰু নিশা যোগান ধৰা হৈছিল ৰাজকীয় খাদ্য । বিজুলীৰ স্বাস্থ্য পৰীক্ষাৰ প্ৰতিবেদন প্ৰতি সপ্তাহতে প্ৰেৰণ কৰিব লাগিছিল কলকতাত থকা কোম্পানীৰ মুখ্য কাৰ্যালয়লৈ । বিজুলীপ্ৰসাদৰ বৰ্তমান ওজন হল প্ৰায় ৪ হাজাৰ কেজি ।
"বিজুলীক প্ৰতি দিনে ২৫ কেজি চাউল , সমপৰিমানৰ গোমধান , বুট আৰু গুৰ খাদ্য হিচাবে যোগান ধৰা হয় । ইয়াৰ উপৰিও শ্ৰমিকৰ লাইনসমূহত কলগছ তথা অন্যান্য গছৰ ডাল ট্ৰাকেৰে আনি পেলাই থোৱা হয় যাতে বিজুলীয়ে খাব পাৰে । প্ৰতি মাহে আমি ৩০-৩৫ হাজাৰ টকা ব্যয় কৰো যাতে আমাৰ বিজুলীপ্ৰসাদ সুস্থ সৱল হৈ থাকে ।" , বিশ্বনাথ জিলাৰ বিহালী চাহ বাগিচাৰ কৰ্মচাৰী ৰজিত বৰুৱাই এনেদৰে কয় ।

কেৰেলাত নাৰিকল গছ আৰু পাম অইলৰ মাজত থকা হাতীবোৰ অধিক শক্তিশালী হয় । ইয়াৰ হাতীবোৰৰ আয়ুস বেছি আৰু ৭০-৭৫ বছৰ পৰ্যন্ত জীয়াই থাকে । কিন্তু অসমৰ খাদ্যাভাস কিছু সুকীয়া । সেয়েহে মই বিজুলীপ্ৰসাদক দিয়া কলগছবোৰ সৰু সৰুকৈ কাটি টুকুৰাটুকুৰ কৰি দিবলৈ কও যাতে হাতীটোৱে তাৰ নষ্ট হৈ যোৱা দাঁতেৰে চোবোৱাৰ পিছতো খাদ্য সহজে হজম কৰিব পাৰে। ইয়াৰ লগতে খাদ্যৰ সৈতে দিয়া হয় পৰ্যাপ্ত পৰিমানে ভিটামিন আৰু প্ৰয়োজনীয় পুষ্টিকৰ দ্ৰব্য। আৰু হয়তো সেই বাবেই বিজুলীয়ে আশীৰ দেওনা পাৰ কৰিবলৈ সক্ষম হৈছে আৰু আজিও সুস্থ হৈ আছে। বিজুলীৰ স্বাস্থ্য পৰীক্ষা কৰিবলৈ প্ৰায়ে বাগিচালৈ অহা ডাঃ শৰ্মাই এনেদৰে কয়।

"বিজুলী মোৰ জীৱনৰ দৰে । এই বাগিচাত মোৰ কাম হ’ল বিজুলীৰ শুশ্ৰুষা কৰা । বিজুলীৰ বাবেই মই মোৰ পৰিয়ালৰ ভৰণ–পোষণ দিব পাৰিছো । মোৰ দেউতাই বহু দিন ধৰি বিজুলীৰ শুশ্ৰুষা কৰিলে । দেউতাৰ মৃত্যুৰ পিছত মই বিজুলীৰ মাজতে দেউতাক দেখা পাও।", বিগত প্ৰায় ২০ বছৰ ধৰি বিজুলীৰ সৈতে থকা থমাছ মুৰ্মুৱে এনেদৰে নিজৰ অনুভৱ ব্যক্ত কৰে ।
দক্ষায়নী নামৰ ৮৮ বছৰীয়া কেৰেলাৰ মাইকী হাতীজনীক ভাৰত তথা এচিয়াৰ ভিতৰতে আটাইতকৈ বয়সীয়াল ৰূপে গণ্য কৰা হয় । কেইবছৰমান পূৰ্বে হোৱা গণনাৰ তথ্য অনুসৰি উত্তৰ পূব ভাৰতত থকা বনৰীয়া হাতীৰ সংখ্যা হ’ল ১০,১৩৯ টা । এয়া হৈছে এচীয় মূলৰ হাতীৰ ( Elephas Maximus ) প্ৰায় ২৫% । উত্তৰ পূব ভাৰতৰ হাতীৰ বিচৰণস্থলী তিনিখন প্ৰধান ৰাজ্যত হাতীৰ সংখ্যা এনেধৰণৰ। অসমত ৫৭১৯টা , মেঘালয়ত১৭৫৪টা , অৰুণাচল প্ৰদেশত ১৬১৪টা । ভাৰতৰ ভিতৰতে সৰ্বাধিক ঘৰচীয়া হাতী আছে অসমত , যিবোৰক ব্যৱহাৰ কৰা হয় বনাঞ্চলসমূহৰ বিভিন্ন কামত ।
বিজুলীপ্ৰসাদক প্ৰতি শনিবাৰে বাগিচাৰ লেবাৰ লাইনত খোজ কঢ়াবলৈ নিয়া হয় । সকলোৱে বিজুলীক তেতিয়া কৌতুহলেৰে চায় । তেওঁলোকৰ বাবে এই প্ৰকাণ্ড প্ৰাণীটো হল এটা জীৱন্ত কিম্বদন্তী যি কঢ়িয়াই লৈ ফুৰিছে অফুৰন্ত প্ৰাণশক্তি আৰু মৰম ।