• Home
  • »
  • News
  • »
  • assam
  • »
  • কাজিৰঙাত ৰাজ্য চৰকাৰৰ চিন্তন শিবিৰৰ আজি দ্বিতীয়টো দিনত বহুকেইটা বিশেষ কাৰ্যসূচী

কাজিৰঙাত ৰাজ্য চৰকাৰৰ চিন্তন শিবিৰৰ আজি দ্বিতীয়টো দিনত বহুকেইটা বিশেষ কাৰ্যসূচী

আজি দ্বিতীয় দিনা চিন্তন শিবিৰত মুখ্যমন্ত্ৰীৰ লগতে আধ্যাত্মিক গুৰু ৰবি শংকৰ উপস্থিত থাকি ৰাজ্য চৰকাৰৰ মন্ত্ৰী আৰু বিষয়াসকলৰ আগত ভাষণ প্ৰবচন আগবঢ়াব।

  • Share this:
তিনিদিনীয়া কাৰ্যসূচীৰে শনিবাৰৰ পৰা কাজিৰঙাত আৰম্ভ হোৱা ৰাজ্য চৰকাৰৰ চিন্তন শিবিৰৰ আজি দ্বিতীয় দিন। দ্বিতীয় দিনাৰ আৰম্ভণিতে পুৱা ৬ বাজি ৩০ মিনিটত অনুষ্ঠিত হয় যোগ শিবিৰ। এই যোগ শিবিৰত ৰাজ্য চৰকাৰৰ কেইবাগৰাকী কেবিনেট মন্ত্ৰী আৰু উচ্চপদস্থ বিষয়াই অংশগ্ৰহণ কৰে। এই যোগাসনত ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকল ক্ৰমে বড়া, অতুল বৰা, কেশৱ মহন্ত, পৰিমল শুক্লবদ্য, নন্দিতা গাৰলোছা আদিয়ে অংশগ্ৰহণ কৰে । উল্লেখযোগ্য যে, শনিবাৰৰ পৰা আৰম্ভ হোৱা চিন্তন শিবিৰৰ প্ৰথম দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে উপস্থিত আছিল সদগুৰু।

আজি দ্বিতীয় দিনা চিন্তন শিবিৰত মুখ্যমন্ত্ৰীৰ লগতে আধ্যাত্মিক গুৰু ৰবি শংকৰ উপস্থিত থাকি ৰাজ্য চৰকাৰৰ মন্ত্ৰী আৰু বিষয়াসকলৰ আগত ভাষণ প্ৰবচন আগবঢ়াব। তেখেত ইতিমধ্যে কাজিৰাঙাত উপস্থিত হৈছে আৰু অনুষ্ঠানটোত অংশগ্ৰহণ কৰিছে।

ইয়াৰোপৰি আজি চিন্তন শিবিৰৰ দিনটোত ১০ বাজি ৩০ মিনিটত আন্তঃগাঁথনি গোটৰ প্ৰদৰ্শন হ’ব, ১২ বাজি ৩০ মিনিটত অন্ধপ্ৰদেশৰ মুখ্য সচিব সমীৰ শৰ্মাৰ বাৰ্তালাপ কাৰ্যসূচী, ২ বাজি ৩০ মিনিটত সামাজিক ক্ষেত্ৰ গোটৰ প্ৰদৰ্শনৰ লগতে ৪ বাজি ৩০ মিনিটত কৰ্ণাটকৰ IAS মুনীশ মৌদগিলৰ ভাষণ আৰু ৫ বাজি ৩০ মিনিটত উত্তৰ প্ৰদেশৰ মুখ্য সচিব দুৰ্গা শংকৰ মিশ্ৰৰ ভাষণেৰে সামৰণি পৰিব।
Published by:Sehnaz Begum
First published:

শেহতীয়া বাতৰি