গুৱাহাটীৰ পলিউশ্যন টেষ্টিং চেণ্টাৰত চলিছে কি? ৮৫ টকাৰ সলনি গ্ৰাহকৰ পৰা কিয় লোৱা হৈছে ৫০০ টকাৰ মাচুল

চিৰ নিদ্ৰাত ৰাজ্যৰ পৰিবহন বিভাগ!

News18-Assam
Updated:October 10, 2019, 1:38 PM IST
গুৱাহাটীৰ পলিউশ্যন টেষ্টিং চেণ্টাৰত চলিছে কি? ৮৫ টকাৰ সলনি গ্ৰাহকৰ পৰা কিয় লোৱা হৈছে ৫০০ টকাৰ মাচুল
চিৰ নিদ্ৰাত ৰাজ্যৰ পৰিবহন বিভাগ!
News18-Assam
Updated: October 10, 2019, 1:38 PM IST
মহানগৰীত প্ৰদূষণ প্ৰমাণপত্ৰ প্ৰদানৰ নামত একাংশ প্ৰদূষণ প্ৰমাণ পত্ৰ দিয়া কেন্দ্ৰত চলিছে চৰম অনিয়ম। এই কেন্দ্ৰসমূহত ম্যাদ উকলাৰ নামত  একাংশ গ্ৰাহকৰ পৰা লোৱা হৈছে নিৰ্ধাৰিত জৰিমনাৰ পৰিৱৰ্তে অত্যাধিক মাচুল। গুৱাহাটী মহানগৰীৰ বামুণীমৈদামত থকা পলিউশ্যন টেষ্টিং চেন্টাৰত বুধবাৰে সংঘটিত হ’ল এনে এক ঘটনা।

এজন স্কুটী গ্ৰাহকৰ পৰা পলিউশ্যন চাৰ্টিফিকেট দিয়াৰ নামত ম্যাদ উকলা বুলি অতিৰিক্ত ধন লয় এই বিশেষ চেন্টাৰটোৱে। সেই সময়ত সেই স্থানত উপস্থিত থকা সাংবাদিক মৃদুল কুমাৰ সন্দিকৈয়ে এই সন্দৰ্ভত বিৰোধিতা কৰাত কেন্দ্ৰটোৰ কৰ্মচাৰীয়ে তেওঁকেই আক্ৰমণ কৰিবলৈ চেষ্টা কৰে।

সমগ্ৰ ঘটনা সন্দৰ্ভত সাংবাদিকগৰাকীয়ে পৰিবহন বিভাগৰ আয়ুক্তক অৱগত কৰাত ইতিমধ্যে এই ঘটনা সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিছে পৰিবহন আয়ুক্তই। উল্লেখযোগ্য যে, ম্যাদ উকলা প্ৰদূষণ প্ৰমাণপত্ৰৰ বাবদ ন্যূনতম জৰিমনা পৰিবহন বিভাগৰ কাৰ্যালয়েহে ল’ব পাৰে। কিন্তু এই কেন্দ্ৰটোৱে মইমতালিৰে পৰিবহন বিভাগৰ অগোচৰে গ্ৰাহকৰ পৰা অত্যাধিক ধন সংগ্ৰহ কৰি আহিছে।

উল্লেখযোগ্য যে, বামুণীমৈদামৰ এই কেন্দ্ৰটোত প্ৰদূষণৰ প্ৰমাণ পত্ৰ দিয়াৰ নামত কোনো পৰীক্ষাই সম্পন্ন কৰা নহয় ! প্ৰদূষণ প্ৰমাণপত্ৰ প্ৰদান কৰাৰ নামত এচাম প্ৰমাণপত্ৰ প্ৰদানকাৰী কেন্দ্ৰই দাম্ভিকতাৰে এনেদৰে গ্ৰাহকক লুটি আহিছে যদিও, পৰিবহন বিভাগ আৰু কামৰূপ জিলা প্ৰশাসনে অদ্যপি কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।
আৰু চাওক পৰৱৰ্তী বাতৰি