মুখ্যপৃষ্ঠা »খবৰ »অসম »Maha Shivaratri: কাইলৈ মহা শিৱৰাত্ৰি! নলবাৰীত উন্মোচিত হ’ব অসমৰ সৰ্বোচ্চ উচ্চতাৰ শিৱ মূৰ্তি

Maha Shivaratri: কাইলৈ মহা শিৱৰাত্ৰি! নলবাৰীত উন্মোচিত হ’ব অসমৰ সৰ্বোচ্চ উচ্চতাৰ শিৱ মূৰ্তি

৯১ ফুট উচ্চতাৰ এই শিৱ মূৰ্তিটো ভাৰতৰ ভিতৰতে ষষ্ঠতম ওখ মহাদেৱৰ মূৰ্তি হ’ব

৯১ ফুট উচ্চতাৰ এই শিৱ মূৰ্তিটো ভাৰতৰ ভিতৰতে ষষ্ঠতম ওখ মহাদেৱৰ মূৰ্তি হ’ব

৯১ ফুট উচ্চতাৰ এই শিৱ মূৰ্তিটো ভাৰতৰ ভিতৰতে ষষ্ঠতম ওখ মহাদেৱৰ মূৰ্তি হ’ব

  • Share this:
কাইলৈ মহা শিৱৰাত্রি। মহা শিৱৰাত্ৰিৰ দিনা অৰ্থাৎ ১৮ ফেব্ৰুৱাৰীত নলবাৰীত অসমৰ সৰ্বোচ্চ উচ্চতাৰ শিৱ মূৰ্তি উন্মোচিত কৰা হ’ব। ৯১ ফুট ওখ এই শিৱ মূৰ্তিটো ভাৰতৰ ভিতৰতে ষষ্ঠতম উচ্চতাৰ মহাদেৱৰ মূৰ্তি হ’ব। নলবাৰীৰ  শ্ৰী শ্ৰী বাবা দুধনাথ খাৰঝাৰা আশ্ৰমৰ সমীপত এই উচ্চ শিৱ মূৰ্তিটো চিমেণ্ট আৰু শিলেৰে নিৰ্মাণ কৰি উলিওৱা হৈছে।

জানিব পৰা মতে, এই মূৰ্তিটো নিৰ্মাণ কৰোতে মুঠ ৩২ লাখ টকা ব্যয় হৈছে। এই খৰচ মহালক্ষ্মী সঞ্চয় আৰু ঋণদান সমবায় সমিতিয়ে ব্যয় কৰে। অসমৰ আটাইতকৈ ওখ এই শিৱ মূৰ্তিটো খনিকৰ প্ৰদীপ পাল আৰু তেওঁৰ ২০ গৰাকী কৰ্মচাৰীৰ দ্বাৰা সাজি উলিওৱা হৈছে।

মহা শিৱৰাত্ৰিৰ দিনা এই সু উচ্চ শিৱ মূৰ্তিটো ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ অসম ক্ষেত্ৰৰ সহকাৰী প্ৰচাৰক বশিষ্ঠ বুজৰবৰুৱাই উন্মোচন কৰিব। ইয়াৰোপৰি, মুকলিৰ দিনটোত ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰী উপস্থিত থাকিব‌  বুলি জানিব পৰা গৈছে।

আনহাতে, মহা শিৱৰাত্রি উপলক্ষে এতিয়া খাৰঝাৰা আশ্ৰমৰ সমীপত বৰ্তমান ধৰ্মীয় আৰু আধ্যাত্মিক পৰিবেশে বিৰাজ কৰিছে। এই শিৱ মূৰ্তি দৰ্শনৰ বাবে এতিয়াৰে পৰাই ভক্তৰ সোত বৈছে। উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত সূ উচ্চ শিৱ মূৰ্তিয়ে নলবাৰীক পৰ্যটনৰ ক্ষেত্ৰত নতুন মাত্ৰা প্ৰদান কৰিব বুলি আশা কৰা হৈছে।

শেহতীয়া বাতৰি