• Home
  • »
  • News
  • »
  • assam
  • »
  • ৰাজ্যৰ এজন যুৱকৰ অভিনৱ প্ৰয়াস ! পদব্ৰজে ৭৬ দিনত দৰঙৰ পৰা পালে ধুবুৰী ...

ৰাজ্যৰ এজন যুৱকৰ অভিনৱ প্ৰয়াস ! পদব্ৰজে ৭৬ দিনত দৰঙৰ পৰা পালে ধুবুৰী ...

DRUGS FREE ASSAM : ৰাজ্যৰ এজন যুৱকৰ অভিনৱ প্ৰয়াস , পদব্ৰজে ৭৬ দিনত দৰঙৰ পৰা পালে ধুবুৰী। প্ৰকৃতি সংৰক্ষণ, গঁড় হত্যা ৰোধ, ৰক্তদান আৰু ড্ৰাগছ মুক্ত সমাজ গঢ়াৰ বাবে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ প্ৰয়াস।

  • Share this:
প্ৰকৃতি সংৰক্ষণ, গঁড় হত্যা ৰোধ, ৰক্তদান আৰু ড্ৰাগছ মুক্ত সমাজ গঢ়াৰ বাবে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ প্ৰয়াসেৰে  অসমৰ এজন যুৱকে লোৱা এক অভিনৱ প্ৰয়াসে এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে বহুতৰে। সুদূৰ দৰং জিলাৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ  ৰাইজক সজাগতামূলক এই বাৰ্তা দিবলৈ পদব্ৰজে খোজ কাঢ়ি যোৱাকালি নিশাৰ ভাগত ধুবুৰীত উপস্থিত হৈছে গৌৰী শংকৰ কলিতা নামৰ এই যুৱকজন।

অসম আৰক্ষীৰ সহযোগত আৰু প্ৰকৃতি বন্ধু নামৰ স্বেচ্ছাসেৱী সংগঠন এটাৰ উদ্যোগত ২০২১ চনৰ ২৪ জানুৱাৰীৰ দিনা দৰং জিলাৰ পৰা আৰম্ভ কৰা  যুৱকজনৰ এই  যাত্ৰাই যোৱাকালি ২ মাহ ১৬ দিন স্পৰ্শ কৰিলে। ইতিমধ্যে খোজ কাঢ়ি ৰাজ্যৰ মুঠ ৩৫ খন আৰক্ষী জিলাৰ ২৭খনকৈ আৰক্ষী জিলাত উপস্থিত হৈছে  গৌৰী শংকৰে আৰু অহা ১৫ দিন মানৰ ভিতৰত বাকী ৮খন জিলাও পৰিভ্ৰমণ কৰিব পাৰিব বুলিয়েই আশা ব্যক্ত কৰিছে তেওঁ। উল্লেখ্য যে, মঙলবাৰে দিনৰ ১১বজাৰ পৰা ধুবুৰী জিলাৰ বিলাসীপাৰাৰ পৰা প্ৰায় ১৩ ঘন্টা খোজ কাঢ়ি নিশা প্ৰায় ১২টা মান বজাত জিলাখনৰ সদৰ ধুবুৰীত উপস্থিত হয় তেওঁ। ধুবুৰীত উপস্থিত হৈ স্থানীয় একাংশ সংবাদ কৰ্মীৰ সন্মুখত যি উদ্দেশ্যেৰে তেওঁ এই পদযাত্ৰা আৰম্ভ কৰিছে সেয়া সফল হ’ব বুলি আশা প্ৰকাশ কৰে।
Published by:Kokil Sarma
First published: